● কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত এক লাখ ৩১ হেজাৰ ৯৬৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
● মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ৩০ লাখ ৬০ হেজাৰ ৫৪২ জন ।
● ইতিমধ্যে এক লাখ ৬৭ হেজাৰ ৬৪২ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
● বিগত ২৪ ঘণ্টাত ৭৮০ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
● ইতিমধ্যে ২৫ কোটি ৪০ লাখ ৪১ হেজাৰ ৬৪২ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● যোৱা ২৪ ঘণ্টাত ১৩ লাখ ৬৪ হেজাৰ ২০৫ জন লোকৰ ক’ভিড পৰীক্ষণ কৰা হৈছে ।
● ভাৰতৰ ন কোটি ৪৩ লাখ ৩৪ হেজাৰ ২৬২ জন লোকে প্ৰতিষেধক লাভ কৰিছে ।
● বিগত ২৪ ঘণ্টাত ৪১ লাখ ৩৫ হেজাৰ ৫৮৯ জন লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে ।





























