চিকিৎসালয়ৰ একেখন বিচনাতে পৰি আছে দুজনকৈ কৰ’নাৰোগী। দুয়োজনৰ মুখত আছে অক্সিজেন মাস্ক।এই ছবি দিল্লীৰ এখন চৰকাৰী চিকিৎসালয়ৰ।
আকাশচুম্বী সংক্ৰমণৰ বাবে সমগ্ৰ দেশতে সক্ৰিয় ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। যাৰ বাবে বিভিন্ন দেশৰ চিকিৎসালয়ত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে।
দিল্লীৰ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ চিকিৎসালয়ত (এলএনজেপি) দুজনকৈ লোকক একাধিক বিচনাত পৰি থকা দেখা গৈছে। এইটো দেশৰ অন্যতম বৃহৎ ক’ভিড নিৰাময় কেন্দ্ৰ।
ইয়াত ১৫০০ তকৈও অধিক বিচনা আছে। কিন্তু চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক সুৰেশ কুমাৰে কয় যে সকলো বিচনা ভৰ্তি কৰা হৈছে।
তেওঁ কয় যে বৃহস্পতিবাৰে ১৫৮ জন কৰ’নাক্ৰান্ত লোকক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। দিল্লীত, যোৱা কেইদিনমানত দৈনিক ১৬ ,১৭হেজাৰ লোক নতুনকৈ কৰ’নাক্ৰান্ত হৈছে। আনকি কৰ’নাৰ প্ৰথমটো পৰ্যায়তো, এদিনত ৰাজধানীত ইমান মানুহ আক্ৰমণ হোৱা নাছিল।
দেশৰ পৰিস্থিতিও পুনৰ অৱনতি ঘটিছে। এই বছৰৰ আৰম্ভণিতে, দেশখনৰ দৈনিক সংক্ৰমণ ১০হেজাৰৰ তললৈ হ্ৰাস পাইছিল। এতিয়া ই দুই লাখতকৈও অধিক হৈছে।
দিল্লীৰ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ চিকিৎসালয়ত (এলএনজেপি) দুজন লোকক একাধিক বিচনাত পৰি থকা দেখা গৈছিল। এইটো দেশৰ অন্যতম বৃহৎ কোভিড নিৰাময় কেন্দ্ৰ। ইয়াত ১৫০০ তকৈও অধিক বিচনা আছে।
কিন্তু চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক সুৰেশ কুমাৰে কৈছিল যে সকলো বিচনা ভৰ্তি কৰা হৈছে। তেওঁ কয়,”আমি ইতিমধ্যে সম্পূৰ্ণ ক্ষমতাৰ ওপৰত কাম কৰি আছো,”
কিন্তু মানুহৰ মনোভাৱ ক’ভিড নিয়ম অনুসৰণ নকৰাৰ বাবেই এই পৰিস্থিতি পুনৰ জটিল কৰি তুলিছে। তেওঁ কয় যে বৃহস্পতিবাৰে ১৫৮ জন লোকক পুনৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।





























