ভাৰতত ২৪ ঘণ্টাত প্ৰায় তিনি লাখ লোক ক’ভিড-১৯ আক্ৰান্ত আৰু দুহেজাৰতকৈও অধিক লোকৰ মৃত্যু হৈছে, যি হাৰ অতিমাৰী আৰম্ভ হোৱাৰে পৰা সৰ্বাধিক । ঠিক সেই সময়তে কৰ’না ভাইৰাছত হোৱা নতুন মিউটেছন হৈ পৰিছে ভাৰতৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান ।
ভাৰতৰ বিভিন্ন অংশত নোভেল কৰ’না ভাইৰাছৰ ডাবল মিউটেছনৰ পাছত ত্ৰিপল মিউটেছন অৰ্থাৎ তিনিটা পৃথক ক’ভিড ষ্ট্ৰেইন লগ হৈ এটা ভেৰিয়েণ্টৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।
মহাৰাষ্ট্ৰ, দিল্লী আৰু পশ্চিমবংগৰ লোকসকলক এই ত্ৰিপল মিউটেণ্টৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছে । বৈজ্ঞানিকসকলে কৰ’নাৰ নতুন ঢৌ এই নতুন ভেৰিণ্টতোৰ পৰাই হোৱা বুলি মত পোষণ কৰে ।
মেকগিল বিশ্ববিদ্যালয়ৰ এপিডেমিঅ’লজিৰ অধ্যাপক মধুকৰ পাইয়ে কয়, ‘এইটো ভেৰিয়েণ্টবিধ অধিক সংক্ৰামক । ই দ্ৰুতগতিত বহু লোকক অসুস্থ কৰিছে । আমি টিকাকৰণ কৰি থাকিব লাগিব । তাৰ বাবে আমি ৰোগটোক বুজিব লাগিব । কিন্তু ইয়াৰ বাবে আমাক যুঁজত ধাৰাবাহিকতাৰ প্ৰয়োজন ।’
ই ভাৰতৰ বাবে এটা বৃহৎ প্ৰত্যাহ্বান, কাৰণ সকলো ক্ষেত্ৰতে এক শতাংশতকৈয়ো কম পৰিমাণে জিনম ছিকুৱেঞ্চিং কৰা হৈছে । ডাঃ পাইৰ অনুসৰি, ডাবল মিউটেছন ভাইৰাছৰ পলম চিনাক্তকৰণে সাম্প্ৰতিক ভাইৰাছৰ উত্থানত সহায় কৰিছে ।
যিমানে ভাইৰাছৰ সংক্ৰমণ হ’ব সিমানে ইয়াৰ প্ৰতিৰূপ তৈয়াৰ হ’ব আৰু অধিক মিউটেট হ’ব । ত্ৰিপল মিউটেছনৰ তিনিটা ভেৰিয়েণ্টৰ দুটা ভেৰিয়েণ্টত প্ৰতিষেধকৰ পৰা হাত সৰা প্ৰতিক্ৰিয়া দেখা গৈছে, অৰ্থাৎ দুই ভেৰিয়েণ্টে এণ্টিব’ডিতকৈ অধিক শক্তিশালী । ইতিমধ্যে প্ৰতিষেধকৰ কাৰ্যকাৰিতাৰ বিষয়ে বিশেষ একো জানিব পৰা হোৱা নাই । বৈজ্ঞানিকসকলে ধাৰণা কৰিছে যে, নতুন ভেৰিয়েণ্টতোৰ মানুহৰ শৰীৰৰ এণ্টিব’ডিৰ পৰা হাত সৰাৰ কিছু ক্ষমতা আছে ।





























