ভাৰতত এই মুহূর্তত প্রতি ছেকেণ্ডত এজনকৈ লােক কৰ’না ভাইৰাছত আক্রান্ত হৈছে। যাৰ বাবে সকলাে লােকেই আতংকিত হৈ পৰিছে। ইয়াৰ মাজতে আকৌ বহু লােক দ্বিতীয়বাৰলৈ কৰ’নাত আক্রান্ত হােৱাৰ ফলত সম্প্রতি বিশেষজ্ঞসকলাে চিন্তিত হৈ পৰিছে।
সচৰাচৰ বসন্ত, হাম আদি যিকোনাে জীৱাণু বা ভাইৰাছৰ সংক্রমণ হ’লে শৰীৰত যি এন্টিব’ডীৰ সৃষ্টি হয়, তাৰ ফলত দ্বিতীয়বাৰ সংক্ৰমণৰ আশংকা প্রায় নাথাকে। কিন্তু শেহতীয়াকৈ এনে ক’ভিড ৰােগী পােৱা গৈছে, যিসকল দ্বিতীয়বাৰলৈ সংক্রমিত হৈছে ।
কিয় এনে হৈছে তাৰ চিন্তাতে এতিয়া বিভােৰ হৈ পৰিছে চিকিৎসা বিজ্ঞানী আৰু বিশেষজ্ঞসকল। এই সন্দৰ্ভত দেশৰ সংক্রামক ৰােগ বিশেষজ্ঞ দেৱকিশােৰ গুপ্তই মন্তব্য কৰিছে যে ক’ভিড-১৯ প্রকৃততে এক প্রকাৰৰ ফ্লু ভাইৰাছ। জুৰ-চর্দি যিদৰে একাধিকবাৰ হয়, কৰ’নাৰ ক্ষেত্ৰতাে বিষয়টো একে ধৰণৰ।
এই অত্যন্ত সংক্রামক ভাইৰাছটোৰ চৰিত্রগত পৰিৱৰ্তনৰ ফলত বহুতেই দ্বিতীয়বাৰলৈ সংক্রমিত হৈছে। গুপ্তই কয়, ‘আমি যেনেকৈ ভাইৰাহক অৱৰােধ কৰাৰ চেষ্টা কৰি আছাে, সেইদৰেই ডাউইনৰ ‘ছাৰভাইকেল অৱ দ্য ফিটেষ্ট তত্ত্ব মানি ভাইৰাছেও নিজক ৰক্ষা কৰাৰ তাগিদাত নিজকে সলনি কৰি পেলাইছে।
এই কাৰণেই ক’ভিড মুক্ত হােৱাৰ পাছতাে নতুনকৈ সংক্ৰমৰ আশংকা থাকি গৈছে। ক’ভিড-১৯ জীৱাণুৰ চৰিত্ৰক লৈ চিকিৎসা বিজ্ঞানীসকল এতিয়াও যথেষ্ট দ্বিধাত আছে। সেয়ে এই জীৱাণুক লৈ অনেক গৱেষণাৰ প্রয়ােজন আছে বুলি মন্তব্য কৰি সংক্রামক ৰােগ বিশেষজ্ঞ গুপ্তই পুনৰ কয়, ‘আমাৰ দেশত ভাইৰাছে ৰূপ সলনি কৰি কিদৰে সংক্ৰমণ বিয়পাইছে, সেই বিষয়ত নিশ্চিতভাৱে এতিয়াই একো ক’ব পৰা হােৱা নাই।
কিয়নাে এই পর্যন্ত ইয়াৰ সন্দৰ্ভত কোনো বিজ্ঞানসন্মত গৱেষণা প্রকাশিত হােৱা নাই। ব্রাজিল, ব্রিটেইন বা দক্ষিণ আফ্রিকাৰ ৰূপ-পৰিৱৰ্তিত ভাইৰাছ সম্পর্কে বিজ্ঞানভিত্তিক প্রমাণ থাকিলেও আমাৰ দেশৰ নির্দিষ্ট ‘ভেৰিয়েন্ট’ক লৈ বিস্তৰ গৱেশণাৰ দৰকাৰ।
অৱশ্যে এই বিষয়ত কোনাে সন্দেহ নাই যে যােৱা বাৰৰ তুলনাত ৰােগবিধ এইবাৰ অতি বেছি সংক্রামক তথা শিশু আৰু কম বয়সীয়া সকলাে যােৱাবাৰৰ তুলনাত এইবাৰ অতি বেছিকৈ আক্রান্ত হৈছে।ভাইৰাছে যিমান বাৰ ৰূপ সলাব, সিমানেই তাৰ বিৰুদ্ধে সংগ্রাম দীঘলীয়া হ’ব।
ঔষধ বিশেষজ্ঞ সুকুমাৰ মুখার্জীয়ে কয় যে ইয়াৰ বাবে এতিয়া ইমান দ্রুতগতিৰে সংক্রমণ বিয়পি পৰিছে। ৰােগীসকলৰ ভিতৰত বহু লোেক দ্বিতীয়বাৰলৈ সংক্রমিত হৈছে। বিশেষকৈ যিসকলে ছদ্ম-নিৰাপত্তাত আছে যে এবাৰ সংক্রমণ হৈছে বুলি তেওঁ সম্পূর্ণ নিৰাপদ। এনে লােকৰ মাজতে দ্বিতীয়বাৰৰ সংক্রমণ বেছিকৈ দেখা গৈছে বুলিও মুখার্জীয়ে মন্তব্য কৰে।
উল্লেখ্য যে কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ শশী থাৰুৰে প্ৰতিষেধকৰ দুটাকৈ পালি গ্রহণ কৰাৰ পাছতাে শেহতীয়াকৈ পুনৰ আক্রান্ত হৈছে। ইয়াতে পুনৰ এই ভাইৰাছ ৰােধ কৰাৰ কোনাে উপায় নাই নেকি বুলিও প্রশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত মুখার্জীয়ে কয়,‘যিসকলে প্রতিষেধক গ্রহণ কৰিছে, তেওঁলােকৰ সংক্রমণ ৰােধ হােৱা নাই যদিও বিশেষ উপসর্গ তেওঁলােকৰ শৰীৰত নাই।
চৰকাৰী তথ্য অনুসৰি যিসকলে ক’ভিশ্বিল্ড প্রতিষেধক দ্বিতীয়টো পালিও লৈছে, তেওঁলােকৰ মাজত সংক্রমণৰ হাৰ ০.০৩ শতাংশ। সেয়ে সংক্রমণৰ মাৰাত্মক গতি ৰােধ কৰিবলৈ মাস্ক পৰিধান আৰু প্রতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক হােৱা উচিত।’






























