দেশত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। কৰ’নাৰ দ্বিতীয় ঢৌত, ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্য প্ৰভাৱিত হৈছে। প্ৰতিদিনে আক্রান্তৰ ক্ষেত্ৰত অভিলেখ গঢ়িছে ভাৰতে।
লগতে বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যা। কৰ’না পীড়িতৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত ইতিমধ্যে বিশ্বতালিকাত দ্বিতীয় স্থানত আছে। দেশখনৰ দৈনিক সংক্ৰমণ পুনৰ এবাৰ তিনি লাখলৈ লৈ বৃদ্ধি পাইছে৷ একেৰাহে পাছ দিন ধৰি ।
যোৱা ২৪ ঘণ্টাত নতুনকৈ কৰ’নাত আক্রান্ত হৈছে ৩,৫২,৯৯১ জন লোক ৷ দেশত দৈনিক কৰ’না আক্ৰমণৰ নতুন অভিলেখ। এই বৃদ্ধিৰ ফলত, কৰ’নাত আক্ৰান্তৰ মুঠ সংখ্যা এক কোটি ৭৩ লাখ ১৩হেজাৰ ১৬৩ জনলৈ বৃদ্ধি পাইছে ।
আমেৰিকাৰ পাছত ভাৰত এতিয়া দ্বিতীয় খন দেশ যিয়ে দৈনিক তিনি লাখ ঘটনা অতিক্ৰম কৰিছে। বৰ্তমান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত ভাৰতত কৰ’না ভাইৰাছ যথেষ্ট দ্ৰুতগতিত বিয়পি আছে।
পৰিস্থিতি ক্ৰমান্বয়ে ভয়ংকৰ হৈ পৰিছে।কৰ’নাই যোৱা বছৰতকৈ এই বছৰ অধিক বিপদজনক ৰূপ লৈছে। কৰ’নাৰ দ্বিতীয় ঢৌয়ে দেশৰ দৈনিক মৃত্যুৰ সংখ্যাও বৃদ্ধি কৰিছে।
২৪ ঘণ্টাত কৰ’নাত ২,৮১২ জন লোকৰ মৃত্যু হৈছে। আনকি মাৰ্চৰ আৰম্ভণিতে দেশখনৰ দৈনিক মৃত্যু আছিল ১০০-১৫০ টা ঘৰত। এতিয়ালৈকে দেশখনত কৰ’নাত এক লাখ ৯৫হেজাৰ ১২৩জনৰ জন লোকৰ মৃত্যু হৈছে।
দেশত ক’ভিডৰ দ্বাৰা প্ৰভাৱিত ১,৪৩,০৪,৩৮২ জন লোক সুস্থ হৈছে। সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যা হৈছে ২৮ লাখ ১৩হেজাৰ ৬৫৮ জন । আৰু এই পৰ্যন্ত টিকাকৰণ হৈছে ১৪কোটি ১৯লাখ ১১হেজাৰ ২২৩জন।





























