সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্য শুকুৰবাৰে নিৰ্দেশ দিয়া হৈছে যে যিবোৰ জিলাত ক’ভিড-১৯ সংক্ৰমণ বৃদ্ধি পাইছে সেইসমূহ স্থানত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কণ্টেইনমেণ্ট জ’নৰ দৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে ৷
মহামাৰীৰ বাবে গৃহ মন্ত্ৰালয়ে মে’ৰ বাবে জাৰি কৰা নতুন নিৰ্দেশনাত দেশৰ কোনো ঠাইত তলাবন্ধ জাৰি কৰাৰ বিষয়ে জনোৱা নাই ৷
ৰাজ্যসমূহক এনে জিলাসমূহক চিনাক্ত কৰিবলৈ কোৱা হৈছে য’ত ক’ভিড-১৯ সংক্ৰমণৰ হাৰ ১০ শতাংশতকৈ অধিক বা য’ত এসপ্তাহত চিকিৎসালয়ৰ বিছনা ৬০ শতাংশতকৈ অধিক ভৰ্তি হয় ৷ কেন্দ্ৰই এই জিলাসমূহক স্থানীয় কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিবলৈ পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিছে ৷
গৃহ মন্ত্ৰালয়ে জনায় যে, সংক্ৰমণ যাতে বৃদ্ধি নাপাই তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । যিসমূহ স্থানত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে সেইসমূহ স্থানত জৰুৰীকালীন সেৱা অবিহনে নিশাৰ ভাগত মানুহৰ চলাচল নিষিদ্ধ কৰা হ’ব ৷ সামাজিক, ৰাজনৈতিক, ক্ৰীড়া, মনোৰঞ্জন, সাংস্কৃতিক, ধৰ্মীয়কে ধৰি অন্যান্য অনুষ্ঠানত জনসমাগম নিয়ন্ত্ৰণ কৰিব লাগিব ৷ বিবাহ অনুষ্ঠানত নিম্নতম ৫০ জন আৰু অন্ত্যেষ্টিক্ৰিয়াত ২০ জন লোক উপস্থিত থাকিব পাৰিব ৷





























