প্ৰতিদিনেই হৃদয়বিদাৰক কাহিনীৰ সৃষ্টি কৰি আছে মাৰাত্মক কৰ’না ভাইৰাছে। এই ভাইৰাছৰ কৰাল গ্রাসত পৰা লােকৰ অবর্ণনীয় অৱস্থাই সম্প্রতি প্রতিদিনেই মানুহক কন্দুৱাইছে। তেনে এক অতি নিদাৰুণ ঘটনা সম্প্রতি পােহৰলৈ আহিছে। কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হােৱা মাতৃৰ মৃতদেহৰ কাষতে দুদিন ধৰি বহি ৰ’ল এটি ১৮মহীয়া দুগ্ধপােষ শিশু। অথচ কৰ’না সংক্রমণৰ আতংকত কোনাে প্রতিবেশী আগবাঢ়ি নাহিল অবােধ শিশুটিৰ পেটৰ ক্ষুধা নিবাৰণৰ বাবে।
একে বুজি নােপােৱা অসহায় শিশুটিয়ে ভােকত কান্দিছিল আৰু এটা সময়ত ভােক-ভাগৰত লালকাল দিছিল, টোপনি ভঙাৰ পাছত আকৌ ভােকত কান্দিছিল। অথচ শিশুটিক কোলাত তুলি ল’বলৈ বা অকণমান গাখীৰ খুৱাবলৈ কাষত কোনাে নাছিল। আছিল মাত্র মাতৃৰ নিথৰ শৰীৰ। কৰ’না অতিমাৰীৰ এই অবর্ণনীয় ছবিখন দেখা গ’ল মহাৰাষ্ট্ৰৰ পুণেত। অৱশ্যে দুগৰাকী মহিলা আৰক্ষীৰ অপত্য মাতৃস্নেহৰ বাবেই সম্প্রতি শিশুটিৰ প্ৰাণৰক্ষা হৈছে।
আৰক্ষী সূত্রই জনােৱা মতে, মৃত মহিলাগৰাকী পুণেৰ পিমৰি চিঞ্চবাড় অঞ্চলৰ নিবাসী। তেওঁ কৰ’নাত আক্রান্ত হােৱা বুলি শিশুটিৰ অহৰহ ক্রন্দন শুনিও কোনাে এজন প্রতিবেশী আগবাঢ়ি অহা নাছিল। যােৱা সােমবাৰে মহিলাগৰাকীৰ গৃহৰ পৰা দুর্গন্ধ বাহিৰ হােৱাত প্রতিবেশীয়ে অৱশেষত আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে আহি দুৱাৰ ভাঙি মহিলাগৰাকীৰ মৃতদেহ নিজৰ জিম্মাত লয়। সেই সময়ত মহিলাৰ মৃতদেহৰ কাষত মৃতপ্রায় অৱস্থাত আছিল ১৮মহীয়া শিশুটি।
তেওঁৰ স্বামীয়ে কামৰ সন্ধানত উত্তৰপ্ৰদেশলৈ গৈছিল বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে অনুমান কৰিছে যে দুদিনৰ পূর্বেই মহিলাগৰাকীৰ মৃত্যু হৈছিল। অৱশ্যে মৰণােত্তৰ পৰীক্ষাতহে মৃত্যুৰ সঠিক কাৰণ জনা যাব বুলি আৰক্ষীয়ে জনাইছে। তেওঁ প্ৰকৃততে ক’ভিডত আক্রান্ত হৈছিল নে নাই, সেয়াও পৰীক্ষাতহে জনা যাব। অথচ কৰ’না সংক্ৰমণৰ আশংকাতে কোনাে স্থানীয় লােকে শিশুটিক কোলাত ল’ব খােজা নাছিল। তেতিয়াই আগবাঢ়ি আহে দুগৰাকী মহিলা কনিষ্টবল।
মহিলাগৰাকীৰ মৃতদেহ লৈ যােৱাৰ সময়ত সুশীলা গােভলে আৰু ৰেখা ৱাজে নামৰ মহিলা কনিষ্টবলদ্বয়ে শিশুটিক কোলাত নিয়ে। শিশুটিক কোলাত লােৱাৰ সময়ত মৃত্যুভয়ে গ্রাস কৰিছিল নেকি বুলি সােধা এক প্রশ্নৰ উত্তৰত কনিষ্টবল সুশীলাই সংবাদ মাধ্যমৰ আগত কয়, ‘মােৰােতাে দুটি সন্তান আছে। এটা আঠ বছৰীয়া আৰু এটা ছয় বছৰীয়া। শিশুটিক দেখি এনে লাগিল যেন আমাৰ নিজৰেই সন্তান। শিশুটি ইমানেই ভােকত আছিল যে সমস্ত গাখীৰ একে উশাহতে খালে।
সুশীলাৰ সহকর্মী ৰেখাই জনায় যে মাতৃৰ ক’ভিডত মৃত্যু হােৱা বুলি সন্দেহ কৰা হ’লেও আশ্চর্যজনকভাৱে শিশুটি প্রায় সুস্থই আছে। অৱশ্যে সামান্য জ্বৰ থকাত হাস্পতালত শিশুটিৰ ক’ভিড পৰীক্ষা কৰােৱা হৈছে। ৰেখাই কয়, ‘শিশুটিক চিকিৎসক দ্বাৰা পৰীক্ষা কৰােৱাৰ সময়ত সামান্য জ্বৰ আছিল। চিকিৎসকে শিশুটিক ভালদৰে খুৱাবলৈ কৈছে। আমি পানী আৰু বিস্কুট খুওৱাৰ পাছ শিশুটি সম্প্রতি সুস্থ আছে। চৰকাৰী হাস্পতালত শিশুটিৰ ক’ভিড পৰীক্ষাও কৰাইছাে।’
আনহাতে, পুণে আৰক্ষীৰ অপৰাধ দমন শাখাৰ পৰিদৰ্শক প্রকাশ যাদৱে সদৰী কৰে যে শিশুটিৰ ফলাফল নিগেটিভ আহিছে। হয়তাে দুদিন ধৰি পৰিচৰ্যাহীন আৰু ক্ষুধাতুৰ হৈ থকাৰ বাবেই শিশুটিৰ সামান্য জ্বৰ উঠিছিল। সম্প্রতি শিশুটিক চৰকাৰী শিশু প্রতিপালন বিভাগক হস্তান্তৰ কৰা হৈছে।





























