ক’ভিডত মৃত্যুৰ মিছিল স্তব্ধ হােৱাৰ কোনাে লক্ষণেই নােহােৱা হৈ পৰিছে। প্ৰতিখন শ্মশানৰ বাহিৰত দেখা গৈছে দীঘলীয়া শাৰী। এনে অৱস্থাতে কর্ণাটকৰ এখন শ্মশানৰ গেটত উলমি থকা দেখা গ’ল এখন ‘হাউছ ফুল’ ব’র্ড।
এই ব’র্ডখনেই সম্প্রতি স্পষ্ট কৰিছে কর্ণাটকৰ ক’ভিড পৰিস্থিতিৰ নির্মম ছবিখন। সম্প্রতি কর্ণাটকৰ চামৰাজপেট অঞ্চলৰ এখন শ্মশানৰ বাহিৰত দেখা গৈছে এনে এখন ব’র্ড। অর্থাৎ সেই শ্মশানত ক’ভিড ৰােগীৰ মৃতদেহ সৎকাৰৰ বাবে এতিয়া কোনাে স্থান খালী নাই।
আচলতে শ্মশানখনৰ আন্তঃগাঁথনি অনুসৰি দিনে অত বেছি ২০টা মৃতদেহ সৎকাৰ কৰিব পাৰি। অথচ ক’ভিডত দৈনিক মৃত্যু হােৱা লােকৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাইছে।
অৱশ্যে শ্মশান কর্তৃপক্ষৰ তৰফৰ পৰা বাৰে বাৰে এই কথা জনােৱাৰ পাছতাে দৈনিক শ্মশানৰ বাহিৰত মৃতদেহৰ দীঘলীয়া শাৰী লাগিছিল ।অভিভাৱকৰাে উপায় নাছিল। তেওঁলােকে প্রিয়জনৰ মৃতদেহ লৈ যাব ক’লৈ ?
সেয়ে শ্মশানৰ বাহিৰত ভিৰ বাঢ়িছিল। এনে পৰিস্থিতিত বাধ্য হৈয়েই শ্মশান কর্তৃপক্ষই গেটত হাউছ ফুল’ ব’র্ড আঁৰিবলৈ বাধ্য হয়। উল্লেখ্য যে কর্ণাটকত ইতিমধ্যে চৰকাৰে ক’ভিড শ্মশানৰ বাবে ২৩০ একৰ ভূমি ধার্য কৰিছে।
তৎসত্ত্বেও ক’ভিড ৰােগীৰ মৃত্যুৰ সংখ্যা যথেষ্ট বৃদ্ধি পােৱাত জোৰা মাৰিব পৰা নাই। প্রায় প্রতিখন শ্মশানৰ বাহিৰতে ক’ভিড ৰােগীৰ মৃতদেহৰ দীঘলীয়া শাৰী লাগি আছে। দেওবাৰেও কর্ণাটকত মুঠ ২১৭জন ক’ভিড ৰােগীৰ মৃত্যু হয়।
ইয়াৰ ভিতৰত বাংগালুৰুতে মৃত্যু হয় ২০জনৰ। এই শােচনীয় পৰিস্থিতি দেখি ইয়াৰ পূর্বে প্রশাসনৰ পক্ষৰ পৰা প্ৰতিটো পৰিয়ালকে প্রিয়জনৰ শেষকৃত্যৰ বাবে তেওঁলােকৰ নিজস্ব ভূমি ব্যৱহাৰ কৰাৰাে অনুৰােধ জনাইছিল।






























