সাগৰৰ গভীৰত নামি শৰীৰচৰ্চা কৰা এক ভিডিঅ’ সম্প্রতি ভাইৰেল হৈছে। সামাজিক মাধ্যমত। পুডুচেৰীৰ এজন যুৱকৰ এই অনন্য কীর্তি দেখি অনেকেই বিস্ময় মানিছে।
লগতে কোনােৱে প্ৰশ্ন কৰিছে যে শৰীৰচৰ্চাৰ বাবে মাটিৰ অভাৱ হৈছে নেকি ? আচলতে এই শৰীৰচৰ্চা কোনাে খেয়ালি স্বভাৱ বা নাম কিনাৰ সহজ পন্থা নহয়। ইয়াৰ গভীৰত আছে এই মাৰাত্মক কৰ’না কালত জনমানসলৈ এক বিশেষ বার্তা দিয়াৰ উদ্যোগ।
ভিডিঅ’ত দেখা পােৱা যুৱকজন হৈছে পুডুচেৰীৰ এজন পেছাদাৰী ডাইভাৰ বা ডুবাৰু অৰৱিন্দ। তেওঁ চেন্নাই আৰু পুডুচেৰীৰ সাগৰৰ উপকূলত ডাইভিঙৰ স’তে জড়িত। প্রায় দুটা দশক ধৰি অৰৱিন্দই এই কাম কৰি আহিছে।
কৈশােৰ অৱস্থাতে তেওঁৰ পানীৰ স’তে বন্ধুত্ব গঢ়ি উঠিছিল। সেইবাবেই বিশেষ শৰীৰচৰ্চাৰে জনতালৈ বার্তা প্রেৰণৰ বাবে তেওঁ পানীৰ তলকে বাছি লৈছে। অৱশ্যে ইয়াৰ বাবে তেওঁ সকলাে ধৰণৰ সতর্কতা অৱলম্বন কৰিছে।
চকুত আছিল প্রটেক্টিভ আই গিয়ে। পৰিধানত উপযুক্ত পােছাক। লােৱা হৈছিল অন্যান্য সতর্কতাও। কিন্তু এইদৰে ভূ-পৃষ্ঠৰ পৰা ১৪ মিটাৰ তলত অৰৱিন্দই শৰীৰচর্চা কৰি মানুহলৈ কি বার্তা দিবলৈ চেষ্টা কৰিছে ?
Man from Puducherry does Exercise 14 more deep water to emphasize on need of exercise during pandemic.
Does Dumbell curls and Barbell curls under water as fishes swim by.. pic.twitter.com/pCVbx6O1H5
— Pramod Madhav (@PramodMadhav6) May 10, 2021
আচলতে এই মুহূর্তত ভাৰতত কৰ’নাৰ দ্বিতীয় ঢৌৱে আহি আঘাত কৰিছেহি। দৈনিক সংক্রমণ আৰু মৃত্যুৰ ৰূপ দেখি
বাঢ়িছে আতংক। এনে অৱস্থাত সকলােকে শৰীৰচৰ্চাৰ প্রতি উৎসাহিত কৰাৰ লক্ষ্যৰেই অৰৱিন্দই এই উদ্যোগ হাতত লৈছে।
এই সন্দৰ্ভত যুৱকজনে কয়, সকলােৱে প্ৰতিদিনে অন্তত ৪৫ মিনিট শৰীৰচৰ্চা কৰা উচিত। যাৰ ভিতৰত থাকিব লাগিব কেতবােৰ শ্বাস-প্রশ্বাসৰ ব্যায়ামাে। ইয়াৰ ফলত শৰীৰ, বিশেষকৈ হাওঁফাওঁৰ কার্যক্ষমতা বাঢ়িব।
ফলত সংক্রমণ হলেও সহজে কাহিল কৰিব নােৱাৰিব। ইয়াৰ উপৰি শৰীৰচৰ্চাৰ ফলত সামগ্রিকভাৱে ৰােগৰ স’তে সংগ্রাম কৰাৰ শক্তিও বাঢ়িব। প্রশ্ন উঠিছে যে এই বার্তাতাে সাগৰৰ উপকূলত শৰীৰচৰ্চাও কৰি দিব পাৰিলেহেঁতেন ?
এই ক্ষেত্ৰত অৰৱিন্দৰ যুক্তি হৈছে তেওঁ যদি সাগৰৰ তলত নামি ব্যায়াম কৰিব পাৰে, তেন্তে বাকীসকলে পানীৰ পাৰৰ উপকূলত বহি সেয়া কিয় কৰিব নােৱাৰিব ?