প্ৰবল বৰষুণ আৰু ধুমুহা বতাহৰ ফলত অবতৰণ স্থগিত ৰাখিছে চেন্নাইৰ বিমানবন্দৰ কৰ্তৃপক্ষই । বৃহস্পতিবাৰে দিনত বিমানবন্দৰৰ কৰ্তৃপক্ষই জনায়, যাত্ৰীসকলৰ সুৰক্ষাৰ কাৰণে দিনৰ ১.১৫ বজাৰ পৰা সন্ধিয়া ছয় বজালৈ কোনো বিমান অৱতৰণ নকৰে। কিন্তু বিমানখনপূৰ্ব নিৰ্ধাৰিত নিয়ম অনুসৰি উৰিব।
শনিবাৰে আবেলিৰ পৰা তামিলনাডুৰ ৰাজধানী চেন্নাইকে ধৰি কমেও ২০ খন জিলাত বৰষুণ চলি আছে। বান পৰিস্থিতি পুডুচেৰীতো।
ধাৰাসাৰ বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহুতৰে ঘৰ। চেন্নাই আৰু উপনগৰৰ কে’বাটাও অঞ্চল ইতিমধ্যে পানীৰ তলত। এইপৰ্যন্ত তামিলনাডুত মৃত্যু হৈছে ১৪ জনৰ।
দুৰ্যোগ সঁহাৰি বিভাগে আশংকা প্ৰকাশ কৰিছে যে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে কিয়নো এতিয়াৰ বাবে দুৰ্যোগ হ্ৰাস হোৱাৰ কোনো ইঙ্গিত নাই।বতৰ বিভাগে ভৱিষ্যতবাণী কৰিছে যে দক্ষিণ-পূব বংগোপসাগৰত সৃষ্টি হোৱা নিম্ন চাপৰ শক্তি বৃদ্ধি পাইছে। ফলস্বৰূপে, ধাৰাসাৰৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
চেন্নাইকে ধৰি তামিলনাডুৰ কে’বাটাও ঠাইত শুক্ৰবাৰৰ পৰ্যন্ত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা আছে।মঙলবাৰে তামিলনাডুৰ চেন্নাই, চেঙ্গাল্পাটোটু, বিলাপ্পুৰম, কাঞ্চিপুৰমকে ধৰি তামিলনাডুৰ ছয়খন জিলাত ‘ৰেড এলাৰ্ট’ জাৰি কৰা হৈছিল। বুধবাৰে মুঠ ২০ খন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছিল।
পৰিসংখ্যাই কৈছে যে চেন্নাইকে ধৰি তামিলনাডুৰ কে’বাখনো জিলাত এই বছৰ কমেও ১.৫ গুণ অধিক বৰষুণ হৈছিল। চেন্নাইত সাধাৰণতে নৱেম্বৰৰ আৰম্ভণিলৈকে ৪১ চেন্টিমিতাৰৰ বৰষুণ হৈছিল কিন্তু এই বছৰ ৬১ চেণ্টিমিটাৰ স্পৰ্শ কৰিছে।