ক’ভিড পৰিস্থিতিয়ে সমগ্ৰ দেশতে সংকটময় পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে, কিছুমান ঘটনাই মন ভাল লগোৱাৰ লগতে ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰে ।
ঠিক তেনেধৰণেৰে ঘটনা সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ফটোখনত দেখা গৈছে এটি শিশুৱে খাদ্যৰ পেকেটৰ ওপৰত হিন্দিত লিখিছে, ‘খুচ ৰহিয়ে’ । সামাজিক মাধ্যমত ফটোখন ভাইৰেল হৈ পৰাৰ লগে লগে প্ৰশংসিত হৈ পৰিছে ।
শিশুটিৰ মাতৃয়ে ক’ভিড ৰোগীসকলৰ বাবে খাদ্য তৈয়াৰ কৰি সৰবৰাহ কৰে । এনে পৰিস্থিতিত ক’ভিড ৰোগীসকলৰ মনোবল বৃদ্ধি কৰা অতি প্ৰয়োজনীয় । সেই কামটোৱে কৰিলে এই শিশুটিয়ে ।
https://twitter.com/AdvaitaKala/status/1394347515026104323?s=20
ক’ভিড ৰোগীসকলৰ বাবে প্ৰস্তুত কৰা খাদ্যৰ পেকেটৰ ওপৰত ‘সুখত থাকক’ বুলি লিখি যেন শিশুটিয়ে মনোবল বৃদ্ধি কৰাৰে চেষ্টা কৰিছে । ইতিমধ্যে টুইটাৰত ২০ হেজাৰৰো অধিক লাইক লাভ কৰিছে ফটোখনে । প্ৰশংসাত উপচাই দিছে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে ।





























