সম্প্ৰতি কৰ’না ভাইৰাছৰ নতুন ডেল্টা প্ৰজাতিয়ে উদ্বেগ সৃষ্টি কৰিছে । ভাৰতত এই পৰ্যন্ত ৪০ জন লোক কৰ’না ভাইৰাছৰ এই প্ৰজাতিত আক্ৰান্ত হৈছে । কৰ’নাৰ এই প্ৰজাতিৰ বিষয়ে মংগলবাৰেই মহাৰাষ্ট্ৰ, কেৰালা আৰু মধ্যপ্ৰদেশক সতৰ্ক কৰিছিল কেন্দ্ৰই ।
কৰ’না ভাইৰাছৰ ডেল্টা প্ৰজাতি বা ভাৰতত প্ৰথম সন্ধান পোৱা বি.১.৬১৭.২ প্ৰজাতিৰ পৰিৱৰ্তিত ৰূপ কৰ’নাৰ ডেল্টা প্লাছ প্ৰজাতি । ভাৰতত এই প্ৰজাতিত আক্ৰান্ত হোৱাৰ সংখ্যা যথেষ্ট কম । কিন্তু দেশৰ বিভিন্ন ৰাজ্যত তলাবন্ধ প্ৰত্যাহাৰ কৰা হৈছে, সেয়ে নতুন প্ৰজাতি সংক্ৰমণ হোৱাৰ সম্ভাৱনাও বেছি ।
এই পৰ্যন্ত মহাৰাষ্ট্ৰত ২১ জন কৰ’নাৰ ডেল্টা প্লাছ প্ৰজাতিত আক্ৰান্ত হৈছে । মধ্যপ্ৰদেশত ছয়জন আৰু কেৰালাত তিনিজন লোক আক্ৰান্ত এই প্ৰজাতিত । কৰ্ণাটকৰ কিছু সংখ্যক লোকৰ শৰীৰত পোৱা গৈছে এই নতুন প্ৰজাতিৰ ।
মহাৰাষ্ট্ৰৰ ৰত্নগিৰি আৰু জলগাঁৱত, কেৰালাৰ পালাক্কড় আৰু পাথানামথিতা, মধ্যপ্ৰদেশৰ ভোপাল আৰু শিৱপুৰিত ডেল্টা প্লাছ প্ৰজাতিৰ সন্ধান পোৱা গৈছে বুলি মংগলবাৰে জনায় কেন্দ্ৰ চৰকাৰৰ উপদেষ্টা কমিটিয়ে । এই প্ৰজাতিৰ সমগ্ৰ দেশত সংক্ৰমণ নহ’বৰ বাবে অঞ্চলসমূহৰ ওপৰত লক্ষ্য ৰখাৰ বিষয়েও জনাইছে কেন্দ্ৰই ।





























