ক’ভিডৰ দ্বিতীয় ঢৌ শেষ নৌহওঁতেই পুনৰ বৃদ্ধি পাইছে সংক্ৰমণ । দেশৰ ছয় ৰাজ্যত পুনৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে দল গঠন কৰিছে । সংক্ৰমণ বৃদ্ধি পোৱা ৰাজ্যসমূহৰ ভিতৰত আছে কেৰালা, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, উৰিষ্যা, ছত্তীছগঢ়, মণিপুৰ । এই দলে ৰাজ্যসমূহক ক’ভিডৰ বিৰুদ্ধে যুঁজ দিয়াত বিশেষভাৱে সহায় কৰিব । কেনেদৰে সংক্ৰমণ ৰোধ কৰিব পাৰি, ৰাজ্যসমূহৰ প্ৰশাসনৰ স’তে আলোচনা কৰিব ।
কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰ অনুসৰি, এই দলটোৱে কৰ’নাৰ বিৰুদ্ধে যুঁজত ৰাজ্যসমূহে কি কি প্ৰত্যাহ্বানৰ সম্মুখীন হৈছে পৰ্যবেক্ষণ কৰিব । কি কি বিষয়ত কাম কৰিব সেই বিষয়ে উল্লেখ নকৰি এজন চৰকাৰী বিষয়াই বিস্তৃতভাৱে কয়, ‘এই ৰাজ্যসমূহত ক’ভিড প্ৰতিৰোধৰ পৰিকাঠামো পৰ্যবেক্ষণ কৰিব দলসমূহে । কিমান পৰীক্ষণ কৰা হৈছে, কণ্টেইনমেণ্ট জ’নত যথেষ্ট পৰিমাণৰ বিধিনিষেধ পালন কৰা হৈছে নে নাই । তদুপৰি, এম্বুলেন্স, হাস্পতালৰ শয্যা, পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন মজুত আছে নে নাই সেয়াও পৰ্যবেক্ষণ কৰিব বিশেষজ্ঞ দলে ।’
এই দলবোৰৰ ভিতৰত মণিপুৰৰ দলৰ নেতৃত্ব দিছে এল স্বস্তিচৰণে, অৰুণাচল প্ৰদেশৰ দলৰ নেতৃত্বত আছে সঞ্জয় সাধুখান, ত্ৰিপুৰাৰ দলৰ নেতৃত্বত আছে আৰ এন সিং, কেৰালাত ৰুচি জৈন, উৰিষ্যাত চিকিৎসক এ দান আৰু ছত্তীছগঢ়ত দিবাকৰ সাহুৱে ।





























