ক’ভিডমুক্ত হোৱাৰ পাছত ‘এভাস্কোলাৰ নেক্ৰ’ছিছ’ (এভিএন) ৰোগত আক্ৰান্ত হৈছে ৰোগীসকল । অৰ্থাৎ তেওঁলোকৰ শৰীৰত হাড়ৰ মজ্জা বিকল হৈ পৰে । স্থায়ী বা সাময়িকভাৱে হাড়ত ৰক্ত সঞ্চালন বন্ধ হ’লে এই সমস্যাই দেখা দিয়ে ।
কেইমাহমান পূৰ্বে সমগ্ৰ দেশতে ক’ভিড পৰৱৰ্তী সমস্যা হিচাপে ‘মিউক’ৰমাইক’ছিছ’ক লৈ আতংকৰ সৃষ্টি হৈছিল । এইবাৰ এভিএন-ক লৈ উদ্বিগ্ন চিকিৎসকসকল । ইতিমধ্যে মুম্বাইত তিনিজন ৰোগী এভিএন-ত আক্ৰান্ত হৈছে ।
এক সৰ্ব্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, মিউক’ৰমাইক’ছিছৰ দৰেই ক’ভিডৰ চিকিৎসাত অতিৰিক্ত ষ্টেৰইড ব্যৱহাৰ কৰাৰ ফলত নেক্ৰ’ছিছ ৰোগত আক্ৰান্ত হৈছে এই ৰোগীসকল । তেওঁ কয়, ‘ক’ভিডৰ চিকিৎসাত জীৱনদায়ী কাৰ্টিকো ষ্টেৰইডৰ ব্যৱহাৰ বাঢ়িলে এভিএন ৰোগৰ প্ৰভাৱ বাঢ়িব পাৰে ।’





























