‘এ ক্লিন টুথ ডাজ নট ডিকে’ । অৰ্থাৎ যেতিয়া দাঁত পৰিষ্কাৰ কৰি ৰখা হয় তেতিয়া ক্ষয় নহয় । যদিহে এজন লোকে নিয়মীয়াকৈ দাঁত বিজ্ঞানসন্মতভাৱে পৰিষ্কাৰ কৰে তেতিয়াহ’লে দাঁতৰ ক্ষয় প্ৰতিৰোধ কৰাটো সম্ভৱ ।
বাস্তৱ ক্ষেত্ৰত দেখা যায় যিসকল লোকে খাদ্য গ্ৰহণৰ পাছত ভালদৰে পৰিষ্কাৰ নকৰে তেওঁলোকৰ সততে এনে ধৰণৰ সমস্যাই গা কৰি উঠে । এনে ক্ষয় প্ৰতিৰোধৰ বাবে ধন ভৰিব নালাগে, মাথোঁ প্ৰয়োজন সতৰ্কতাৰ । কেনে ধৰণৰ সতৰ্কতা অৱলম্বন কৰিব আৰু কোনবোৰ বিষয়ত গুৰুত্ব দিব লাগে সেই সম্পৰ্কে উল্লেখ কৰা হ’ল –
● নিতৌ তিনিবাৰ ব্ৰাছ কৰিব লাগে । যদি সম্ভৱ নহয় তেন্তে পুৱা আৰু নিশা কৰিলেও সুফল পোৱা যায় ।
● দীৰ্ঘদিন ধৰি একেডাল ব্ৰাছকেই ব্যৱহাৰ নকৰিব । প্ৰতি তিনিমাহৰ অন্তৰে অন্তৰে ব্ৰাছ সলনি কৰা উচিত । কিয়নো বেছি দিন ব্যৱহাৰ কৰিলে ব্ৰাছৰ গুৰিত বীজাণু জমা হোৱাৰ আশংকা থাকে । এই বীজাণুবোৰ দাঁতৰ আলুত আক্ৰমণ কৰি পাছত ক্ষয়ৰ পৰোক্ষ কাৰণ হৈ পৰে ।





























