StockMarket : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেশৰ শ্বেয়াৰ বজাৰত আতংকৰ পৰিস্থিতি পুনৰ উভতি অহাত মুৰে-কপালে হাত দিছে বিনিয়োগকাৰীয়ে। সোমবাৰে মাত্র এঘণ্টাতে পাঁচ লক্ষ কোটি লোকচান কৰি থৰকাছুটি হেৰুৱাইছে বিনিয়োগকাৰীয়ে। এই পৰিস্থিতিৰ কেতিয়া শুধৰণি হ’ব তাকে লৈ বিত্তীয় বিশেষজ্ঞ মহল সন্দিহান হৈ আছে।
কালি বজাৰ খোলাৰ লগে লগে হোবাহোৰে স্খলন ঘটে শ্বেয়াৰ মাৰ্কেটৰ সূচকাংকৰ। মাত্র এঘণ্টাৰ ভিতৰত নশ পইণ্টৰ স্খলন ঘটে ছেনছেক্সৰ। ফলত দিনৰ ১২-৩০ বজালৈ ৭২,৯৪১ পইন্ট নামি আহে ব’ম্বে ষ্টক এক্সচেঞ্জ (বিএছই)ত।
এই সময়ছোৱাৰ ভিতৰত বিএছইত ১.২৬ শতাংশ পতন হয় সূচকাংকৰ। দিনৰ শেষত ১১২৪.০২ পইল্ট পতন হয় ছেনছেক্সৰ। ফলত বিএছই ৭২,৭৭১.৭২ পইন্টলৈ অৱনমিত হয়। এই পতনৰ পৰিমাণ ১.৫২ শতাংশ বুলি কোৱা হৈছে। ইপিনে, সর্বাধিক ক্ষতিগ্রস্ত শ্বেয়াৰৰ তালিকাত চৰকাৰী-বেচৰকাৰী বেংক আৰু বিত্তীয় প্রতিষ্ঠানসমূহে স্থান লাভ কৰাত উদ্বেগ অধিক বৃদ্ধি পাইছে।
একেদৰে নেচনেল ষ্টক এক্সচেঞ্জ (এনএছই) ৰ অৱস্থাও তথৈবচ। দিনৰ ১২ বজাৰ ভিতৰত নিফটী-৫০ তিনিশ পইন্টলৈ নামে। ফলত ইয়াৰ স্খলন ঘটি ২২,৮৫৫ পইন্টলৈ নামি আহে সূচকাংক। শতাংশৰ হিচাপত এই পতনৰ পৰিমাণ ১.২৩ বুলি কোৱা হৈছে। দিনান্তত ১.৫৬ শতাংশ তললৈ পৰি যায় নিফটী। ফলত ৩৬০.২৫ নামিলে এনএছইৰ এই সূচকাংক। কেৱল সেয়াই নহয় বৰ্তমান দেশৰ সৰ্ববৃহৎ শ্বেয়াৰ বজাৰ ২২,৭৮০.২৫ পইণ্টত। সপ্তাহৰ প্ৰথম লেনদেনৰ দিনাই ছেনছেক্স-নিফটীৰ দুৰ্বল অৱস্থা দেখি উদ্বিগ্ন হৈছে বিশেষজ্ঞ মহল।
কালি বজাৰ মুকলিৰ সময়ত বিএছইত তালিকাভুক্ত সংস্থাসমূহৰ মূল মূলধনৰ পৰিমাণ আছিল প্রায় ৪,৮২,১৬,০০৪ কোটি টকা। প্রায় ১০ বজাত এই পৰিমাণ ৪,৭৭,১৯,৬১১ কোটি টকালৈ নামি আহে। অর্থাৎ বজাৰৰ প্ৰথম ঘণ্টাতে প্রায় ৪.৯ লক্ষ কোটি টকা লোকচানৰ সন্মুখীন হয় বিএছইৰ বিনিয়োগকাৰীসকল।
শ্বেয়াৰ বেজাৰৰ এনে পতনৰ আঁৰত একাধিক কাৰণ চিহ্নিত কৰিছে একাংশ বিশ্লেষকে। ইয়াৰ ভিতৰত অন্যতম হ’ল বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি। এতিয়াও প্রতি বেৰেলত এশ টকাৰ অধিক হৈয়ে আছে। ফলত দিনে দিনে ভাৰতৰ আমদানি ব্যয় বৃদ্ধি পাইছে। সমান্তৰালভাৱে ঘৰুৱা বজাৰত মুদ্রাস্ফীতিৰ প্ৰৱল সম্ভাৱনা আছে।
ইয়াৰ ফলত ডলাৰৰ তুলনাত ভাৰতীয় টকা অধিক দুর্বল হ’ব পাৰে বুলি বিশ্লেষকসকলে সম্ভাৱনা প্রকাশ কৰে।ছেনছেক্স-নিফটী অতল গহ্বৰত পৰাৰ কাৰণ হিচাপে বিশ্বজুৰি চৰকাৰী বণ্ডৰ সুতৰ হাৰ বৃদ্ধিও হ’ব পাৰে বুলি কোৱা হৈছে। বিগত কিছু বছৰ এনে পৰিস্থিতি হোৱা নাছিল।
তদুপৰি ভূৰাজনৈতিক অস্থিৰতাৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰৰ পৰা বিদেশী বিনিয়োগকাৰীয়ে আঁতৰি গৈছে। ব্রোকাৰেজ ফাৰ্মৰ তথ্য অনুসৰি আজি ১৬ শতাংশ হ্রাস পাই নিফটী মিটকেৰ সূচকাংক সমান্তৰালভাৱে নিফটী স্মল কেপ ১.৮ শতাংশ হ্রাস পাইছে।
কালি এনইচিত সর্বাধিক লোকচানৰ সন্মুখীন হয় জিঅ’ ফাইনেন্সিয়েল, টাটা মটৰ্ছ পেছেঞ্জাৰ ভেহিকল, লার্চেন্ট এণ্ড টুব্র’, আদানী এণ্টাৰপ্ৰাইজ আৰু আদানী বিমান বন্দৰৰ বিনিয়োগকাৰীসকল। ইপিনে, গোটেই দিনটো বজাৰৰ প্ৰতিটো খণ্ড লোকচানৰ মাজত থাকিলেও অৱশ্যে টেক মহিন্দ্ৰা, ড° ৰেড্ডীচ লেব আৰু ইনফ’ছিছে লাভৰ মুখ দেখে। উল্লেখ্য যে ৰাষ্ট্ৰীয়কৃত বেংকৰ তিনি শতাংশ, টেলি পৰিসেৱা ২.৩ শতাংশ, ইন্ধন, আন্তঃগাঁথনি, ভোগ্য পণ্য, ৰিয়েল স্টেট, বেচৰকাৰী বাছ, ধাতু আৰু তেল তথা গেছৰ সূচকাংক হ্রাস পাইছে।
আনহাতে ১৯০ টা ষ্টকত ৫২ সপ্তাহৰ সৰ্বনিম্ন দৰ দেখিবলৈ পোৱা গৈছে। এই তালিকাত নাম আছে আইআৰবি ইনফ্রা ইণ্ডিয়া ছিষ্টেমছ, বেংক অৱ বৰোডা, আদিত্য বিৰলা, লাইফ ষ্টাইলছ টাটা কনজুমাৰ, অম্বুজা চিমেন্ট, টাটা মটৰ্ছ আদি।































