প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ একাউণ্ট হেকৰ বাতৰি পোহৰলৈ অহাৰ লগে লগে তেওঁলোকে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে। দেওবাৰে এই দাবী কৰিছে টুইটাৰ কৰ্তৃপক্ষই ।
কোম্পানীটোৱে এই সন্দৰ্ভত এক বিবৃতি জাৰি কৰি জনাইছে, “প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ স’তে নিৰন্তৰ যোগাযোগ ৰখা হৈছে । একাউণ্ট হেক পোহৰলৈ অহাৰ লগে লগে একাউণ্টটো অধিক সুৰক্ষিত কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে ।’
টুইটাৰে লগতে জনাইছে, প্ৰধানমন্ত্ৰীৰ একাউণ্টৰ বাহিৰে আন কোনো একাউণ্ট হেক কৰা হৈছিল নেকি সেইটোও অনুসন্ধান কৰা হৈছে । কিন্তু টুইটাৰ কৰ্তৃপক্ষই দাবী কৰিছে যে সেই সময়ত আন কোনো একাউণ্ট হেক হোৱা নাছিল ।
Good Morning Modi ji,
Sab Changa Si?SS Credit : @AdityaRajKaul pic.twitter.com/0YLVdzmreq
— Srinivas BV (@srinivasiyc) December 11, 2021
কেনেদৰে প্রধানমন্ত্রীৰ একাউন্ট হেক হ’ল, ক’ত ত্ৰুটি আছিল, টুইটাৰৰ লগতে কেন্দ্রীয় তথ্যপ্রযুক্তি মন্ত্রণালয়ৰ বিশেষজ্ঞ দলেও বিষয়টো পৰ্যবেক্ষণ কৰিছে । কোন উৎসৰ পৰা এই একাউন্ট হেক কৰা হৈছে তাৰ অনুসন্ধান চলাইছে বিশেষজ্ঞ দলটোৱে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট শনিবাৰে মাজ নিশা হেক কৰা হৈছিল । হেক কৰা একাউণ্টৰ পৰা লিখা হৈছে, ‘বিট কইনে দেশত বৈধতা লাভ কৰিছে । চৰকাৰে ৫০০ বিট কইন ক্ৰয় কৰিছে । ইয়াক দেশবাসীৰ মাজত বিতৰণ কৰা হ’ব ।’ ইয়াৰ ঠিক পাছতে, মোদীৰ টুইটাৰ একাউণ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰে ।