মেষ: শাৰীৰিক দিশত দুর্বলতা। বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়াে সহায় কৰিব। ব্যৱসায়ত মধ্যম। পঢ়া-শুনাত বেয়া নহ’ব। সন্তানৰ শুভ।
বৃষ : কর্মক্ষেত্ৰত বেয়া নহ’ব। কিন্তু শাৰীৰিক দিশত সতর্ক হৈ চলাটো বাঞ্ছনীয়। বিদ্যার্থীৰ শুভ। প্রেমত অস্থিৰতা। চুটি ভ্রমণ হ’ব পাৰে।
মিথুন : আজি প্রায় দিশে কিছু হলেও ফৰকাল। বিদ্যাতাে তেনে বাধা নাই। দাম্পত্যত মধ্যম। ব্যৱসায়ত শুভ।
কর্কট: শাৰীৰিক দিশত বিশেষ শুভ বুলি ক’ব নােৱাৰি। একাধিক কথাত মনত বিক্ষিপ্ত থাকিব। প্ৰেমত বাধা।
সিংহ : আজিৰ দিনটো প্রায় ফৰকাল। শৰীৰাে বেয়া নাযাব। আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল। দাম্পত্যতাে বেয়া নহ’ব।
কন্যা : মনটো বেয়া নাযাব। ঘৰুৱা পৰিৱেশাে অনুকূল! আর্থিকত বেয়া নহ’ব। প্রেম-প্রীতিত আন্তৰিকতা।
তুলা : কর্মক্ষেত্ৰত বাধা কম। ভ্ৰমণত জটিলতা নাই। দাম্পত্যতাে শুভ। বিদ্যাত মধ্যম। প্ৰেমত হতাশা।
বৃশ্চিক : ক্রমে, দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ-অশান্তি দেখা যায়। শৰীৰ মধ্যম। ভ্ৰমণ কৰিব পাৰে।
ধনু : আপােনাৰ স্বভাৱগত তেজস্বিতা কাৰাে আগত নেদেখুৱাব। ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক। ব্যৱসায়ত মধ্যম।
মকৰ : আর্থিকত খুব বেয়া নহ’ব। ঘৰুৱা কথাত সামান্য উদাসীনতা, ভ্ৰমণত কষ্ট। পৰাপক্ষত স্পষ্টভাষী হ’বলৈ যত্ন কৰক।
কুম্ভ : কিছু কষ্টৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব নালাগিব। মূল কথাত মন দিয়ক, কৃতকার্য হবই। ভ্ৰমণৰ সম্ভাৱনা।
মীন :কার্যকৰী সংযােগত অনুকূল। আর্থিকত আশাপ্রদ। পঢ়াত মধ্যম। হঠাৎ কোন সমস্যাৰ সন্মুখীন হলেও দুঃশ্চিন্তা নকৰিব।



































