জীৱিকা সৃষ্টিৰ বাবে হাৰিয়ানা চৰকাৰে যুৱ প্ৰজন্মক ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ (এম এছ এম ই) উদ্যোগখণ্ডৰ প্ৰতি আগ্ৰহী কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী ৰোজগাৰ সৃজন কাৰ্যসূচী (পি এম ই জি পি), প্ৰধানমন্ত্ৰী সূক্ষ্ম খাদ্য উদ্যোগ উন্নয়ন যোজনা (পি এম এফ এম ই)ৰ অধীনত এম এছ এম ই ৰোহটকে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।
পি এম ই জি পি আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীয়ে উদ্যোগ-ব্যৱসায়ৰ বাবে বিশেষ ঋণ প্ৰদান কৰা হয় । নিবনুৱা যুৱ প্ৰজন্মক নিজৰ ব্যৱসায়-উদ্যোগ স্থাপনৰ বাবে এই আঁচনিৰ অধীনত ২৫ লাখ টকালৈকে ঋণ দিয়া হয় ।
হাৰিয়ানা চৰকাৰে উদ্যোগ স্থাপনৰ বাবে নিবনুৱা প্ৰজন্মক ২৫ শতাংশলৈকে ৰাজসাহায্য প্ৰদান কৰিব । এই আঁচনিৰ অধীনত গ্ৰামাঞ্চলত ২৫ শতাংশ আৰু চহৰাঞ্চলত ১৫ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হ’ব । আগ্ৰহী যুৱক-যুৱতীয়ে উদ্যোগ-ব্যৱসায় আৰম্ভ কৰাৰ বাবে ১০ শতাংশ মূলধন বিনিয়োগ কৰিব লাগিব ।
বিশেষ শ্ৰেণী, অন্যান্য পিছপৰা সম্প্ৰদায় আৰু প্ৰাক্তন সৈনিকক গ্ৰামাঞ্চলত উদ্যোগ স্থাপনৰ বাবে ৩৫ শতাংশ আৰু চহৰাঞ্চলৰ বাবে ২৫ শতাংশ ৰাজসাহায্য প্ৰদান কৰিব হাৰিয়ানা চৰকাৰে ।