আৰু হ্ৰাস পালে দেশৰ ক’ভিডৰ দৈনিক সংক্ৰমণ। ইয়াৰ স’তে দেশত একেৰাহে দুদিনৰ বাবে হ্ৰাস পালে দৈনিক সংক্ৰমণৰ সংখ্যা ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ,বিগত ২৪ ঘণ্টাত নতুনকৈ ৭৯৬জন আক্ৰান্ত হৈছে। সোমবাৰে, আক্ৰান্তৰ সংখ্যা আছিল ৮৬১ জন।
সোমবাৰৰ তুলনাত মৃত্যুৰ সংখ্যা সামান্য বৃদ্ধি পাই । সোমবাৰে মৃত্যুৰ সংখ্যা আছিল ছজন। যোৱা ২৪ ঘণ্টাত, ক’ভিডৰ ফলত ১৯ জন লোকৰ মৃত্যু হৈছে। অৱশ্যে, যোৱা তিনি দিনত, মৃত্যুৰ সংখ্যা যথেষ্টও হ্ৰাস পাইছে।
দৈনিক সংক্ৰমণৰ হাৰও হ্ৰাস পাইছে। মঙলবাৰে দৈনিক সংক্ৰমণৰ হাৰ আছিল ০.২০ শতাংশ। যোৱা ২৪ ঘণ্টাত সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে।
দৈনিক সংক্ৰমণৰ শীৰ্ষত আছে কেৰালা। ৰাজ্যখনত নতুন আক্ৰান্ত সংখ্যা ১৯৬। ইয়াৰ পাছত আছে দিল্লী (১৩৭)। যোৱা ২৪ ঘণ্টাত ক’ভিডৰ ফলত মৃত্যু হোৱা ১৯ জন লোকৰ ভিতৰত ১৮ জন কেৰালাৰ আৰু এজন মিজোৰামৰ।





























