Bhauraguri Sanskritik Mahasangram:
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে ১০ নবেম্বৰৰ পৰা ৩০ নবেম্বৰ লৈকে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডৰ পঞ্চায়ত তথা ভিচিডিচি পৰ্যায়ত অসম সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিয়ে।
ADVERTISEMENT
উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ভাওঁৰাগুৰী ভিচিডিচিৰ প্ৰেক্ষাগৃহত ভাওংৰাগুৰী ভিচিডিচিৰ উদ্যোগত বিভিন্ন জনগোষ্ঠীৰ নিজা নিজা কলাকৃষ্টিৰ নৃত্য প্ৰতিযোগীতাৰ দল তথা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অনুষ্ঠানত ভাগ লয়।
জিলাৰ পৰা অহা বিচাৰক সকলে বাচনি কৰা দল বোৰে সমষ্টি,জিলা তথা ৰাজ্যিক পৰ্যায়ত ভাগ লবলৈ সুযোগ পাব । ৰাজ্য চৰকাৰৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰে ভাওঁৰাগুৰী ভিচিডিচিৰ অধ্যক্ষ অতুল সাহাই।