Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

A Tear For Those Dead:সেই মৃতকসকললৈ এটুপি অশ্রু

# প্রাঞ্জলসেন ডেকা

publisher by publisher
December 18, 2023
in Assam, India, News
Reading Time: 4 mins read
0
A Tear For Those Dead:সেই মৃতকসকললৈ এটুপি অশ্রু
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

A Tear For Those Dead:সেই মৃতকসকললৈ এটুপি অশ্রু

# প্রাঞ্জলসেন ডেকা

যোৱা তিনি মে’ৰ পৰা আৰম্ভ হোৱা ভয়াৱহ গোষ্ঠী সংঘর্ষই মণিপুৰক উলম্বভাৱে দুভাগত বিভক্ত কৰি পেলাইছে। ৰাজ্যখনৰ সংখ্যাগৰিষ্ঠ মেইটেই আৰু সংখ্যালঘু কুকি জনজাতিৰ মাজত বিভেদৰ যি গভীৰ ক্ষতচিহ্নৰ সৃষ্টি হ’ল, সি অদূৰ ভৱিষ্যতে নিৰাময় হোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ।

ADVERTISEMENT

সাত মাহ উকলি যোৱাৰ পাছতো উভয় পক্ষৰ মাজত ক্ষোভ আৰু প্রতিশোধ পূৰণৰ জুই পূৰ্বৰ উত্তাপেৰেই জ্বলি আছে। সামান্য সুযোগ পালেই সি আকৌ ভয়ংকৰ ৰূপ লোৱাৰ আশংকা নুই কৰিব নোৱাৰি।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই গোষ্ঠী হিংসাত প্রাণ হেৰুওৱা ৯৪ জন লোকৰ মৃতদেহ সৎকাৰৰ সমগ্ৰ প্ৰক্ৰিয়াটোৱে মণিপুৰৰ পৰিস্থিতিৰ জটিলতাৰ লগতে আন কে’বাটাও গুৰুত্বপূর্ণ দিশ উদঙাই দিছে।

মণিপুৰৰ গোষ্ঠী হিংসাৰ ঘটনাৱলী অধ্যয়নৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গীতা মিট্টালৰ অধ্যক্ষতাত উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটীয়ে শীর্ষ আদালতত দাখিল কৰা তথ্য অনুসৰি ৰাজ্যখনত ১৭৫ জন লোকে প্রাণ হেৰুৱাইছে আৰু তাৰে ১৬৯টা মৃতদেহ চিনাক্তকৰণ কৰা হৈছে।

চিনাক্ত হোৱা এই মৃতদেহৰ ৮১টা নিহতৰ নিকটাত্মীয়ই চমজি লৈছে। ইয়াৰ বিপৰীতে ৮৮টা মৃতদেহ প্রশাসনে চিনাক্ত কৰিছে যদিও পৰিয়ালে তাক দাবী কৰা নাই। আনহাতে, ছটা মৃতদেহ চিনাক্তই হোৱা নাই, গতিকে কোনোবাই সেয়া বিচৰাৰো প্রশ্ন নাই।

ফলস্বৰূপে এই ৯৪ টা মৃতদেহৰ ৫৪টা ইম্ফলৰ দুটা আৰু ৪০টা চূড়াচান্দপুৰৰ এটা মর্গত ৰাখি থ’বলৈ বাধ্য হৈছিল ৰাজ্য চৰকাৰ। এই সম্পর্কত কুকি সংগঠনে কৈ আহিছে যে ইম্ফলত প্ৰৱেশৰ সম্পূৰ্ণ নিৰাপত্তা নিশ্চিত কৰিলে তেওঁলোকে সকলো প্রয়োজনীয় নথি-পত্রসহ মৃতদেহবোৰ চিনাক্ত কৰিবলৈ প্রস্তুত আছে।

গোষ্ঠী সংঘর্ষই মেইটেই আৰু কুকিসকলক মানসিকভারেই নহয়, ভৌগোলিকভাবেও এনেদৰে বিভাজিত কৰিছে যে ইয়াত প্রাণ হেৰুওৱাসকলৰ অন্তিম সৎকাৰৰ বাবেও মাহৰ পাছত মাহ অপেক্ষা কৰিবলগীয়া হৈছে দুর্ভগীয়া পৰিয়ালসমূহে।

মেইটেইসকল ইম্ফল উপত্যকাত আৰু কুকিসকল চূড়াচান্দপুৰ প্ৰমুখ্যে পার্বত্য জিলাকেইখনতে আবদ্ধ হৈ আছে । উভয় স্থানৰ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা বাহিনীয়ে অহৰহ কঠোৰভাৱে দৃষ্টি ৰাখিবলগীয়া হৈছে; কিয়নো উভয় পক্ষই পৰস্পৰৰ ওপৰত আক্ৰমণৰ বাবে উন্মুখ হৈ আছে।

এনে অগ্নিগর্ভ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাজনিত কাৰণতে ইম্ফলৰ দুখনকৈ হাস্পতালৰ মৰ্গত থকা ৫৪টা মৃতদেহ কুকি পৰিয়ালসমূহক গতাই দিয়াটো সম্ভৱ হোৱা নাছিল।

মৃতদেহবোৰ কুকি অধ্যুষিত চূড়াচান্দপুৰলৈ পথযোগে নিবলৈ দুই নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি মেইটেই অধ্যুষিত অঞ্চলৰ মাজেদি পাৰ হৈ যাব লাগে। ইয়াৰ বিপৰীতে কুকি সংগঠনসমূহে দাবী কৰি আহিছে যে ইম্ফলৰ মৰ্গত থকা কুকিসকলৰ মৃতদেহকেইটা চূড়াচান্দপুৰলৈ অনাৰ পাছতহে তাত থকা মেইটেইৰ মৃতদেহসমূহ নিবলৈ দিয়া হ’ব।

নিৰাপত্তা সংস্থাসমূহেও ইম্ফলৰ পৰা কুকিৰ মৃতদেহসমূহ উলিয়াই নিয়াটো এক গভীৰ প্ৰত্যাহ্বান বুলিয়ে মত প্রকাশ কৰি আহিছে। আকাশমাগেদি নিব নোৱাৰিলে ইম্ফলৰ পৰা চূড়াচান্দপুৰলৈ ৬০-৬৫ কিলোমিটাৰ পথছোৱা নিৰাপত্তা বাহিনীয়ে নিশ্ছিদ্রভাবে সুৰক্ষা দিব লাগিব বুলিও শীর্ষস্থানীয় বিষয়াসকলে সতৰ্ক কৰি দি আহিছে।

একেলগে এনে বৃহৎ সংখ্যক কফিন প্রত্যক্ষ কৰাৰ পাছত উত্তেজনাৰ সৃষ্টি হোৱাটো স্বাভাবিক হোৱা হেতুকে পুনৰ হিংসাৰ সূত্রপাত ঘটিব পাৰে বুলিও সেয়েহে আশংকাৰ সৃষ্টি হৈছিল।

আনকি ইম্ফলৰ মৰ্গত থকা মৃতদেহসমূহ মেইটেই সংগঠনসমূহে উলিয়াই নিবলৈ নিদিব বুলিও নিৰাপত্তা বাহিনী সন্দিহান হৈ আছিল। কিয়নো যোৱা জুনৰ পৰাই ইম্ফলৰ বাসিন্দাসকলে কুকিৰ মৃতদেহ পৰিয়ালক গতাই দিয়াৰ ক্ষেত্ৰত প্ৰশাসনক বাধাদানৰ উদ্দেশ্যে মর্গৰ সন্মুখত একাধিকবাৰ সমবেত হৈছিল।

দুর্ভাগ্যজনকভাবে এই পৰিস্থিতি নিয়ন্ত্রণত উভয় ক্ষেত্ৰতে মণিপুৰ চৰকাৰে ব্যর্থতাকে প্ৰদৰ্শন কৰি আহিছে। এনেবোৰ কাৰণতে ইম্ফলেই হওক বা চূড়াচান্দপুৰেই হওক উভয় স্থানবে মর্গত সর্বক্ষণ কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰিবলগীয়া হৈছে।

গোষ্ঠীদ্বন্দ্বত জড়িত শক্তিসমূহৰ পৰা মৃতদেহকেইটাও সুৰক্ষিত ৰখাটো প্রত্যাহ্বান হৈ পৰিছে। কুকি সংগঠনসমূহে আৰম্ভণীৰে পৰা কৈ আহিছে যে ইম্ফলৰ পৰা মৃতদেহসমূহ আহি পোৱাৰ পাছত এক নির্দিষ্ট স্থানত তেওঁলোকে গণ সমাধিৰ আয়োজন কৰিব।

অৱশ্যে মণিপুৰ চৰকাৰে সেই স্থানক বিবাদপূর্ণ বুলি চিহ্নিত কৰি গণ সমাধিৰ পৰিকল্পনাকে নাকচ কৰে। যিহেতু কুকি ৰাইজৰ লগতে জনজাতীয় সংগঠনসমূহে মণিপুৰ চৰকাৰক কোনোপধ্যে বিশ্বাসত নলয়, সেয়েহে কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীয়ে বিষয়টো মীমাংসাৰ বাবে ধাৰাবাহিকভাবে বিভিন্ন পক্ষৰ স’তে আলোচনাত মিলিত হয়। তৎসত্ত্বেও কোনো সমাধানসূত্র উলিওৱাটো সম্ভৱ হৈ উঠা নাছিল।

অৱশেষত যোৱা ২৮ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি মৃতদেহবোৰক গতি লগোৱাৰ ব্যৱস্থা কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে বাজ্যখনৰ গোষ্ঠী হিংসাত নিহতসকলৰ মৃতদেহ চিনাক্ত হওক বা নহওক, পৰিয়ালে দাবী কৰক বা নকৰক, মর্যাদাপূর্ণ আৰু উচিতভাবে শেষকৃত্য নিশ্চিত কৰিবলৈ মণিপুৰ চৰকাৰক নির্দেশ দিয়ে।

এই মৃতদেহবোৰ অনির্দিষ্টকালৰ বাবে এনেদৰে মৰ্গত ৰাখি থ’ব নোৱাৰি বুলি উল্লেখ কৰি দুসপ্তাহৰ ভিতৰত এই প্রক্রিয়া সম্পূর্ণ কৰিবলৈ সময় ধার্য কৰি দিয়ে। ইতিমধ্যে চিনাক্ত হোৱা আৰু নিকটাত্মীয়ই দাবী কৰা মৃতদেহবোৰ কোনো পক্ষৰ হস্তক্ষেপ অবিহনেই ইতিমধ্যে নির্দিষ্ট কৰি দিয়া নটা সমাধিস্থলৰ যিকোনো এটাত শেষকৃত্য সম্পন্ন কৰিবলৈ বিচাৰপীঠে নির্দেশ দিয়ে।

লগতে কোনেও দাবী নকৰা আৰু অচিনাক্ত মৃতদেহবোৰ ধৰ্মীয় ৰীতি আৰু প্রচলিত আইন অনুসৰি সৎকাৰ কৰিবলৈও ন্যায়ালয়ে অনুমতি প্রদান কৰে। এনেদৰে সুদীর্ঘ ছয়-সাত মাহ মর্গত পৰি থকাৰ পাছত যোৱা বৃহস্পতিবাৰে ৬৪ টা মৃতদেহ হেলিকপ্টাৰযোগে চূড়াচান্দপুৰ, কাংপ’কপি আৰু ইম্ফল জিলালৈ প্ৰেৰণ কৰা হয় আৰু শেষকৃত্যৰ বাবে সংশ্লিষ্ট পৰিয়ালক গতাই দিয়া হয়।

আশংকা কৰা ধৰণেই চৰকাৰে মৃতদেহবোৰ স্থলপথেদি অনা-নিয়া কৰাৰ সাহস কৰিব নোৱাৰিলে পৰিস্থিতিৰ জটিলতাৰ বাবে। শুকুৰবাৰে কাংপ’কপিত ২৩টা মৃতদেহৰ গণ সমাধি সম্পন্ন কৰা হয় আত্মীয়-স্বজন আৰু স্থানীয় ৰাইজৰ অশ্রু- অঞ্জলিৰ মাজেদি।

কুকি বিধায়ক, জনগোষ্ঠীয় মুৰব্বীসকলে কফিনবিলাক জাতীয় চাদৰেৰে ঢাকি শেষ শ্রদ্ধা জনায়। টোপধ্বনিৰ লগতে জিলাখনত ১২ ঘণ্টীয়া বন্ধও পালন কৰা হয়। অৱশ্যে চূড়াচান্দপুৰত মৃতদেহবোৰ ক’ত সমাধিস্থ কৰা হ’ব তাক লৈ অনিশ্চয়তা অব্যাহত আছে; কিয়নো সমাধিস্থলক লৈ কুকি সমাজ আৰু প্রশাসন এই পর্যন্ত ঐক্যমতত উপনীত হ’ব পৰা নাই।

ইফালে, এই সুদীর্ঘ সময়ছোৱাত গোষ্ঠী হিংসাত সর্বস্বান্ত হোৱা বহু পৰিয়ালে অবর্ণনীয় দুখ-যন্ত্ৰণাৰ মাজেদি সময় পাৰ কৰিবলৈ বাধ্য হৈছে। পৰিয়ালৰ সদস্যক হেৰুওৱাৰ বেদনাৰ লগতে আপোনজনক অন্তিম বিদায় জনাবলৈকো এনেদবে ‘মাহৰ পাছত মাহ অন্তহীন অপেক্ষা কৰিবলগীয়া হৈছে।

চূড়াচান্দপুৰৰ মূল বজাৰৰ পৰা পাঁচ কিলোমিটাৰ আঁতৰৰ ডি ফাইলান গাঁৱৰ গির্জাত স্থাপন কৰা আশ্রয় শিবিৰৰ সবাতোকৈ বয়োজ্যেষ্ঠ দম্পতী হৈছে জাংহেম টয়োথাং (৭৫) আৰু তেওঁৰ পত্নী মাংলিং (৭৫)। যোৱা ন জুনত তেওঁলোকৰ পুত্র জাংপাওক দুর্বৃত্তই গুলীয়াই হত্যা কৰিছিল।

তেতিয়াৰ পৰা তেওঁৰ মৃতদেহঁটো চূড়াচান্দপুৰ জিলা হাস্পতালৰ মৰ্গতে আছে। কিয়নো ইম্ফলৰ পৰা কুকিৰ মৃতদেহবোৰ আহি পোৱাৰ পাছতহে আটাইবোৰ মৃতদেহৰ গণ সমাধিস্থ কৰা হ’ব বুলি সিদ্ধান্ত লৈছে কুকি সংগঠনসমূহে। গতিকে হিংসাত সর্বস্ব হেৰুৱাই আশ্রয় শিবিৰত থকা টয়োথাং দম্পতীয়ে পুত্রক শেষ বিদায় দিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে।

তেনেদৰেই চাৰি মে’ত ইম্ফলত উন্মত্ত দলে প্ৰহাৰ কৰি হত্যা কৰা লালবই লাংডিম (৩২)ৰ পৰিয়ালতো একেই অৱস্থা। চূড়াচান্দপুৰৰ এম ছংগেল গাঁৱত তেওঁৰ পিতৃ ঙামথাং লাংডিমে বাৰে বাৰে টিভি চাই আহিছে ইম্ফলতে থকা মৃতদেহবোৰ ঘূৰাই অনাৰ কিবা খবৰ পায় নেকি ! এবাৰৰ কাৰণে হ’লেও একমাত্র পুত্ৰৰ মৃতদেহটো ঘৰলৈ নি শেষ বিদায় দিবলৈ অস্থিৰ হৈ পৰিছে ভামথাং।

বুকুত অসহ্য যন্ত্রণা কঢ়িয়াই লৈ ফুৰিছে যোৱা সাত মাহ ধৰি। কুকি হওক বা মেইটেই হওক আপোনজনক শেষ বিদায় দিয়াৰ অপেক্ষাত থকা ৯৪টা পৰিয়ালবে একেই অবস্থা। নাগৰিকৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ শপত খাই ক্ষমতাধিষ্ঠিত হোৱা চৰকাৰ এখনৰ বাবে সুদীর্ঘ সাতমাহে মৃতকক অন্তিম সৎকাৰৰ সুযোগ দিব নোৱাৰাতকৈ আৰু কি ব্যৰ্থতা আছে ? কি কেন্দ্র, কি ৰাজ্য- উভয় চৰকাৰে বৰঞ্চ দায়িত্ব স্বীকাৰ কৰাৰ পৰিৱৰ্তে ব্যর্থতা ঢাকিবলৈ অবান্তৰ প্ৰসংগ উত্থাপন কৰি আহিছে।

স্বয়ং প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি পর্যন্ত গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত ৰাজ্যখন ভ্ৰমণৰ প্ৰয়োজন অনুভৱ নকৰিলে। তাৰ পৰিৱৰ্তে এই হিংসাৰ জৰিয়তেও ৰাজনৈতিক মুনাফা আদায়ৰ বাবেহে তৎপৰ হৈছে আৰু সেইবাবেই শাসকীয় নেতাই দাবী কৰিব পাৰিছে যে আসন্ন – লোকসভা নির্বাচনত তেওঁলোকৰ দলেই মণিপুৰত বিজয়ী হ’ব। অখণ্ড ভাৰতৰ সপোন দেখুওৱা চৰকাৰে নিজৰ এখন ৰাজ্যক বিভাজিত হোৱাৰ পৰা ৰক্ষা কৰিব নোৱৰাটো চৰম বেদনাদায়ক নহয়নে?

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: A Tear For Those DeadArticlesDeadbodyManipur Violencepranjal sen deka
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d