Mother Flees Leaving her Two Children on the Streets of Delhi:
এগৰাকী পাষণ হৃদয়ৰ মাতৃয়ে নিজৰ কণমানি দুই সন্তানক ঠেটুৱা ধৰা ঠাণ্ডাৰ মাজত ৰাজপথত এৰি পলায়ন কৰা জঘন্য কাণ্ডই সকলোকে সচকিত কৰি তুলিছে ৷
কিমান নিষ্ঠুৰ হ’ব পাৰে এগৰাকী জন্মদাত্ৰী মাতৃ ৷ নিজৰ গৰ্ভজাত সন্তানক এনেদৰে এৰি পলায়ন কৰা নিষ্টুৰ মাতৃ গৰাকীৰ সকলো কৰ্মকাণ্ড বন্দী হয় চিচিটিভিত ৷
চিচিটিভি ফুটেজত বন্দী হোৱা দৃশ্যাৱলীত দেখা গৈছে এগৰাকী চুৰিদাৰ পৰিহিত মহিলাই নিজৰ এমাডিমা কণমানি সন্তানক ৰাজপথৰ কাষত থকা এটা বাসগৃহৰ
গেটৰ সন্মুখত এৰি থৈ সংগোপনে আঁতৰি গৈছে ৷
উল্লেখ্য যে, এই সমস্ত ঘটনা কেন্দ্ৰবিন্দু নতুন দিল্লী ৷ নগাঁও জিলাৰ ৰূপহীহাট গেৰেকীৰ আজিবুৰ ৰহমান নামৰ যুৱকজনে কৰ্মসূত্ৰে নিজ পত্নী চালেহা খাতুনসহ দুই কণমানিৰ সৈতে দিল্লীত বসবাস কৰি আছিল ৷
কিন্ত ইয়াৰ মাজতে পত্নীয়ে সংঘটিত কৰে নিষ্টুৰ কাণ্ড ৷ দিল্লীৰ সদাব্যস্ত ৰাজপথত নিশা দুই কণমানি সন্তানক এৰি পলায়ন কৰে পত্নী ৷ পাছত দুই কণমানিক লগত লৈ পত্নীৰ সন্ধানত নামে যদিও কোনো সন্ধান নেপাই উপায়ন্তৰ হৈ ৰূপহীহাটৰ ঘৰলৈ গুচি আহে ৷
ইতিমধ্যে যুৱকজনে পত্নীৰ পলায়ন সন্দৰ্ভত ৰূপহীহাট আৰক্ষী থানাত ৰুজু কৰিছে যদিও এই পৰ্যন্ত পোৱা নাই কোনো সন্ধান ৷