landslide: উত্তৰাখণ্ডত অব্যাহত আছে ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলন। ইয়াৰ বাবে ৰাজ্যৰ কেবাটাও প্ৰান্তৰ জনজীৱন ব্যাহত হৈ পৰিছে। পথত হোৱা ভূমিস্খলনৰ ফলত কেবাখনো গাঁৱৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।
নন্দপ্ৰয়াগ আৰু ভানেৰপানীৰ সমীপৱৰ্তী পথত ভূমিস্খলন সংঘটিত হৈছে। ইয়াৰ বাবেই যোৱা পাঁচদিন ধৰি বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছে।
চাৰধাম যাত্ৰাও সাময়িকভাৱে স্থগিত ৰাখিছে উত্তৰাখণ্ড চৰকাৰে।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক ফোন কৰি পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে।
ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰাখণ্ডৰ বিভিন্ন প্ৰান্তত ভূমিস্খলনৰ সৃষ্টি হৈছে। বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথতো ভূমিস্খলন। ইয়াৰ বাবে কমেও ২৪খন গাঁও জিলা সদৰৰ পৰা বিচ্ছিন্ন হৈ পৰিছে।
উত্তৰকাশী জিলাৰ সৰ্বদিয়াৰ পাট্টি অঞ্চলৰ আঠখন গাঁৱৰ পথ ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। বিপদত পৰিছে গাঁৱৰ বাসিন্দাসকল। ইফালে কাৱৰ যাত্ৰাৰ বাবে ঋষিকেশলৈ যোৱা পথৰ পৰা ধ্বংসাৱশেষ দ্ৰুততাৰে আঁতৰোৱাৰ কাম চলিছে।
বদ্ৰীনাথ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শিল আৰু ধ্বংসাশেষ আঁতৰোৱাৰ কামো চলি আছে।চামোলী জিলাৰ তিনিটা স্থান – পিপালকোটি, নন্দপ্ৰয়াগ আৰু উমাত্তাত ভূমিস্খলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ আছে।
বৃহস্পতিবাৰে নিশাৰ পৰা পুনৰ অঞ্চলটোত ধাৰাসাৰ বৰষুণ আৰম্ভ হোৱাত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে।
সোণপ্ৰয়াগৰ মানকটীয়াত হোৱা ভূমিস্খলনৰ বাবে বৃহস্পতিবাৰে কেদাৰনাথ যাত্ৰা স্থগিত ৰাখিছিল প্ৰশাসনে।
ৰুদ্ৰপ্ৰয়াগ আৰক্ষীয়ে এক্স হেণ্ডেলত পোষ্ট কৰিছে যে পথ পৰিষ্কাৰ হ’লেই যাত্ৰা আৰম্ভ হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে শুকুৰবাৰে পুৱা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীক ফোন কৰে।
গুজৰাট, হিমাচল প্ৰদেশ, ৰাজস্থান, চত্তীশগড় বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।শ্বাহে সেই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ স’তেও বাৰ্তালাপ কৰে।
উত্তৰাখণ্ডত এতিয়াও শেষ হোৱা নাই দুৰ্যোগ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়া মতে অহা সাত জুলাইলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বজ্ৰপাত অব্যাহত থাকিব।বেছিভাগ অঞ্চলত লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ স’তে বজ্ৰপাতৰ সৃষ্টি হ’ব পাৰে।






























