Baahubali 3: দক্ষিণ ভাৰতৰ ছবিজগতত নতুন অভিলেখ সৃষ্টি কৰা চলচ্চিত্র ‘বাহুবলী’ৰ মুক্তি লাভৰ বৃহস্পতিবাৰে দশম বর্ষ সম্পূর্ণ হ’ল। ১০ জুলাই ২০১৫ত এছএছ ৰাজামৌলী পৰিচালিত ‘বাহুবলী’ ছবিখনে চিত্ৰগৃহত মুক্তি লাভ কৰিছিল।
প্ৰভাস আৰু ৰাণা ডঙ্গুবতিয়ে অভিনয় কৰা এইখন ছবিয়ে ভাৰতীয় চলচ্চিত্ৰ জগতত ইতিহাস ৰচনা কৰাৰ লগতে ব্যৱসায়ৰ নতুন অভিলেখ ৰচিছিল।
‘বাহুবলী’ৰ পাছত ছিকুৱেল ‘বাহুবলী-২’ৰ মুক্তি দিয়া হৈছিল আৰু এইখন ছবিয়েও ব্যৱসায়ৰ নতুন অভিলেখ ৰচিছিল।
বৃহস্পতিবাৰে ‘বাহুবলী’ৰ মুক্তিৰ দশম বর্ষপূর্তি উপলক্ষে পৰিচালক ৰাজামৌলীয়ে ঘোষণা কৰি কয় যে এইবাৰ দৰ্শকক ‘বাহুবলী-৩’ উপহাৰ দিয়া হ’ব।
ৰাজামৌলীয়ে ঘোষণা কৰা অনুসৰি ‘বাহুবলী-৩ঃ দ্য এপিক’ ছবিখনে অহা ৩১ অক্টোবৰত মুক্তি লাভ কৰিব।






























