Munnabhai MBBS arrested in Nagaon:
ৰাজ্যত চোকে কোনে একাংশ মুন্নাভাই এমবিবিএছে সংগোপনে ক্লিনিক খুলি চিকিৎসা সেৱা আগবঢ়াই অহা বহু কেইজন ভুৱা চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ আৰু এজন মুন্নাভাই এমবিবিএছ পৰিল আৰক্ষীৰ জালত ৷
নগাঁও চহৰৰ হয়বৰগাঁৱৰ পাশ্বৱৰ্তী বৰভেটি আলিপাৰাত আজি গ্ৰেপ্তাৰ হয় আক্ৰামূল হক নামৰ ভুৱা চিকিৎসকজন ৷ নিজৰ বাসগৃহতে অবৈধভাবে ক্লিনিক খুলি চিকিৎসা সেৱা আগবঢ়াই আহিছিল।
কিন্ত মুন্নাভাইৰূপী আক্রামূলৰ সমস্ত তথ্য লাভ কৰিছিল মেডিচিন পঞ্জীয়ন বিভাগৰ ভিজিলেঞ্চে ৷ ভিজিলেঞ্চে নগাঁও সদৰ থানাত ইতিপূৰ্বে দাখিল কৰা এজাহাৰৰ ভিত্তিত বুধবাৰে নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে মুন্নাভাইৰূপী আক্রামূল হকৰ আৰু উৎখাত কৰে তেওঁৰ ক্লিনিক খন ৷






























