Doboka :
সন্দেহজনক নাগৰিকক লৈ ৰাজ্যজুৰি উত্তাল হৈ থকাৰ মাজতে এজন পঞ্চায়ত সচিবৰ তৎপৰতাত আটক হ’ল এজন সন্দেহজনক নাগৰিক ৷ হোজাই জিলাৰ মোৰাঝাৰ গাঁও পঞ্চায়তত বুধবাৰে এজন লোকে প্ৰমাণপত্ৰ আনিব গৈ আটক হল সন্দেহজনক নাগৰিক। আটকাধীন লোকজনৰ নাম আবুল কালাম ৷ হাতীশালীৰ আব্দুৰ ৰৌফৰ পিতৃ পৰিচয় দি প্ৰমানপত্ৰ সংগ্ৰহ কৰিব আহিছিল পঞ্চায়তলৈ ৷
কোনো ভোটাৰ তালিকাত নাম নথকাত সন্দেহ উপজাত পঞ্চায়তৰ সচিব মোজাম্মিল আলীয়ে আৰক্ষীক মাতি চমজাই দিয়ে ৷লোকজনৰ হাতত মজুত থকা পাৰপত্ৰখনত আন ৰাষ্ট্ৰৰ ভিছা লগোৱা আছিল ৷ আনকি লোকজনে অসমীয়া বা স্থানীয় ভাষাতো কথা কব নোৱাৰে বুলি পঞ্চায়তৰ সচিব গৰাকীয়ে জানিব দিয়ে ৷ ইপিনে মোৰাঝাৰ আৰক্ষীয়ে লোকজনক আটক কৰি হোজাইৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰু সীমান্ত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷






























