Tinsukia :
উজনি অসমৰ প্ৰধান বাণিজ্যিক প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত তিনিচুকীয়া চহৰ উন্নয়নত স্থবিৰ হৈছে৷এশ এবুৰি সমস্যাই ভাৰাক্ৰান্ত কৰি তোলা বাণিজ্যিক চহৰখনত যেনেদৰে উন্নয়নে জাকত জিলিকা কৰি তুলিব লাগিছিল সেয়া আজিও হৈ নুঠিল৷ বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰ কথা বাৰু বাদ দিয়ক বৰ্তমান পৰিৱৰ্তনৰ শ্ল’গান আওৰাই শাসনলৈ অহা বিজেপি চৰকাৰৰ দিনটো বিশেষ গতি নললে তিনিচুকীয়া চহৰে ৷ বিজেপি চৰকাৰৰে ৰাজ্য চলোৱা দহটা বছৰত ভৰি দিলে যদিও দহটা বছৰত বিশেষ উন্নয়ন নহল তিনিচুকীয়া চহৰৰ৷ইয়াৰ মূলতেই স্থানীয় বিধায়ক সঞ্জয় কিষাণৰ অপৰিপক্ব চিন্তা আৰু সু—পৰিকল্পনাৰ অভাৱ৷ চহৰ এখনৰ সামগ্ৰীক উন্নয়নৰ বাবে স্থানীয় বিধায়ক গৰাকী পৰিপক্ব আৰু বিজ্ঞানসন্মত চিন্তাৰ অতিব প্ৰয়োজন হিচাপে বিবেচিত হয় ৷
কিন্তু তিনিচুকীয়াৰ বিধায়ক অকমণ্যতাৰ বাবে তিনিচুকীয়া উন্নয়নত স্থবিৰ হৈছে বুলি এতিয়া সচেতন মহলে চৰ্চা কৰিছে ৷ তিনিচুকীয়া চহৰৰ প্ৰধান সমস্যা হিচাপে যানযঁটৰ সমস্যাই জীয়াতু ভুগাই আহিছে চহৰবাসীক ৷
দৈনিক যানবাহন বৃদ্ধি হোৱাৰ লগতে ই—ৰিক্সাই এতিয়া তিনিচুকীয়াৰ যান যঁটৰ সমস্যা অধিক ভয়ংকৰ কৰি তুলিছে৷বিপৰীতে যানবাহন ৰাখিবলৈ নাই কোনো চৰকাৰী পাৰ্কিং ব্যৱস্থা৷পথৰ ওপৰতে যানবাহন ৰাখিব লগীয়া হয়৷যানযঁটৰ সমস্যা লাগৱ কৰিবলৈ পঞ্চাশ কোটি টকা ব্যয়সাপেক্ষ ডাকবাংলাত এটা অত্যাধুনিক পাৰ্কি হাৱ নিৰ্মাণৰ কেবিনেট সিদ্ধান্ত হল যদিও আজি কোপতি ডিপি আৰ প্ৰস্তুত নহল ৷
আগনাবাঢ়িল কোনো কাম৷চৰকাৰী আই এচ বি টি সম্প্ৰসাৰণৰ বাবে কেবিনেট সিদ্ধান্ত হৈ পঞ্চাশ কোটি টকা অনুমোদন হল যদিও আজিলৈকে আই এচ বি টিৰ মাটি ঠিক কৰিব নোৱাৰিলে তিনিচুকীয়া জিলা প্ৰশাসন আৰু পৌৰ সভাই৷ আই এছ বি টি আৰু পাৰ্কিং হাৱ নিৰ্মাণ হ’লেহে তিনিচুকীয়া চহৰত কিছু লাঘৱ হব যানযঁটৰ সমস্যা ৷
ইয়াৰ ওপৰিও তাহানিৰ বেংমৰা ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহই খণ্ডোৱা ঐতিহাসিক ন—পুখুৰীৰ আজিলৈকে সংৰক্ষণ নহল৷সংৰক্ষণৰ দূৰৰে কথা৷এই ৰজাদিনীয়া ঐতিহাসিক স্মৃতিবিজড়িত পুখুৰী কেইটাৰ সৌন্দৰ্য শোভাবৰ্ধন কৰি পৰ্যটকৰ আকৰ্ষণ কৰিব পৰা থল আছে কিন্তু দহটা বছৰ বিধায়ক হৈ আজিলৈকে কোনো আঁচনি পৰিকল্পনা গ্ৰহণ নকৰিলে স্থানীয় বিধায়ক সঞ্জয় কিষানে ৷ বৰঞ্চ বাটৰ পুখুৰী,বৰগোধা পুখুৰী আৰু তিনিকোণীয়া পুখুৰী উন্নয়ন শোভাবৰ্ধনৰ বাবে চি আই ডি এফ আঁচনি দুইকোটি ধন সঞ্জয় কিষানৰ মইমতালি তিনিচুকীয়াৰ তদানীন্তন জিলা আয়ুক্ত নাৰ্চিং পাৱাৰৰ মাজত চলা সংঘাতৰ বাবে আৱন্তিত ধনখিনি উভতি গল দিচপুৰলৈ ৷
ইয়াৰ ওপৰিও আনুসাংগিক বহু সমস্যা সমাধানত ব্যৰ্থ বিধায়ক সঞ্জয় কিষান ৷ স্থানীয় বিধায়কৰ লগতে জিলা প্ৰশাসনৰ বৰমূৰীয়া আৰু তিনিচুকীয়া পৌৰ সভাই সময়ৰ কাম সময়ত সমাপন নকৰাৰ লগতে চৰকাৰী বিষয়াৰ হৃদয়ত তিনিচুকীয়া উন্নয়নৰ বাবে এটা প্ৰকৃত মন নথকাৰ বাবেই তিনিচুকীয়া আজি উজনিৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰ হৈও উন্নয়নত স্থবিৰ হোৱা বুলি সচেতন সমাজে কৱ খোজে ৷ এনেবোৰ কাৰণতে আহিবলগীয়া ২৬ চনৰ সাধাৰণ নিৰ্বাচনত তিনিচুকীয়া সমষ্টিত এগৰাকী সুপৰিপক্ক আৰু শিক্ষিত থলুৱা বিধায়ক তিনিচুকীয়া চহৰবাসীয়ে তিনিচুকীয়াৰ বিধায়ক হিচাপে বিচৰা বুলি এতিয়া সৰৱ চৰ্চা চলিছে ৷
ADVERTISEMENT






























