Indonesia:✒️হিন্দুসকলৰ অন্যতম উপাসক দেৱতা গণেশক বিঘিনি বিনাশকৰূপে পূজা কৰা হয়। এই গণেশ দেৱতাৰ মাহাত্ম্য ইমানেই বেছি যে এটা আগ্নেয়গিৰিকো আবদ্ধ কৰি ৰাখিছে।
এটা আগ্নেয়গিৰিৰ মুখত বিৰাজমান হৈ এই গণেশ দেৱতাই শশ বছৰ ধৰি সেই অঞ্চলৰ জনতাক ৰক্ষা কৰি আহিছে। অন্ততঃ উক্ত অঞ্চলৰ স্থানীয় বাসিন্দাই তেনেকৈয়ে বিশ্বাস কৰে। প্রায় সাতশ বছৰৰ পুৰণি এই গণেশ দেৱতাৰ মূৰ্তি আছে ইণ্ডোনেছিয়াৰ মাউন্ট ব্রোমো অঞ্চলত।
বহুতেই হয়তো নাজানে যে ইণ্ডোনেছিয়াত হিন্দুৰ জনসংখ্যা বিশাল। সমগ্র দেশখনত অসংখ্য গণেশ মন্দিৰ আছে আৰু হিন্দু নাগৰিকসকলে তাত অত্যন্ত ভক্তিভাবে পূজা-অর্চনা কৰে। তাৰ ভিতৰতে আগ্নেয়গিৰিৰ একেবাৰে মুখত প্ৰতিষ্ঠা কৰা গণেশমূর্তিক লৈ আছে বিশেষ বিশ্বাস।
স্থানীয় লোকসকলে ধাৰণা কৰে যে ভগৱান গণেশে তেওঁলোকক আগ্নেয়গিৰিৰ উদ্গীৰণৰ পৰা ৰক্ষা কৰি আহিছে।
বিশ্বাস কৰা হয় যে প্রায় সাতশ বছৰৰ পূৰ্বে টেংগেৰ মাছিফ উপজাতিৰ পূৰ্বপুৰুষসকলে এই গণেশ মূর্তিটো প্রতিষ্ঠা কৰিছিল। আজিও স্থানীয় লোকে এই মূর্তিত পূজা দিয়ে তথা নিয়মিতৰূপে ফুল আৰু ফল নিবেদন কৰে, যাতে আগ্নেয়গিৰিৰ উদ্গীৰণ নঘটে আৰু তেওঁলোকৰ ক্ষতি নকৰে।
ইয়াক সম্প্রতি এক কঠোৰ প্ৰথাৰূপে গণ্য কৰা হয়। স্থানীয় লোকে বিশ্বাস কৰে যে যদি এই নিবেদন কৰা নহয়, তেন্তে আগ্নেয়গিৰিৰ উদ্দ্গীৰণ ঘটিব আৰু ওচৰ-পাজৰৰ মানুহক গ্রাস কৰিব।
সর্বশেষ তথ্য অনুসৰি, ইণ্ডোনেছিয়াত মুঠ ১৪১টা আগ্নেয়গিৰি আছে আৰু তাৰ ভিতৰত ১৩০টা এতিয়াও সক্রিয়। ইয়াৰ ভিতৰত অন্যতম হৈছে মাউন্ট ব্রোমো। ‘ব্রোমো’ শব্দটো আহিছে ‘ব্রহ্মা’ৰ জাভানিজ উচ্চাৰণৰ পৰা। পৰিসংখ্যা অনুসৰি, ২০১২ পর্যন্ত ইণ্ডোনেছিয়াত ১২৭টা সক্রিয় আগ্নেয়গিৰি আছিল আৰু প্রায় ৫০ লাখ মানুহে এইবোৰ বিপজ্জনক ঠাইত বাস কৰিছিল।
মাউন্ট ব্রোমো হৈছে ব্রোমো-টেংগেৰ-ছেমেৰু ৰাষ্ট্ৰীয় উদ্যানৰ অংশ। ই প্রায় আঠশ বর্গ কিলোমিটাৰ অঞ্চলজুৰি বিস্তৃত। আকাৰত ইণ্ডোনেছিয়াৰ আন আগ্নেয়গিৰিৰ তুলনাত সৰু হ’লেও ইয়াৰ অনন্য সৌন্দর্যই সঁচাকৈয়ে মুগ্ধ কৰে।
সাগৰপৃষ্ঠৰ পৰা উচ্চতা ২,৩৯২ মিটাৰ হ’লেও ই কিন্তু ইণ্ডোনেছিয়াৰ সবাতোকৈ ওখ পাহাৰ নহয়। তথাপি চৌপাশৰ দৃষ্টিনন্দন প্রাকৃতিক দৃশ্যই মাউন্ট ব্রোমোক অনন্য কৰি তুলিছে।
উল্লেখ্য যে স্থানীয় লোকৰ মতে, ইয়াৰ গণেশ দেৱতাই তেওঁলোকক আগ্নেয়গিৰিৰ পৰা ৰক্ষা কৰি আছে। যদিও এই কথা যিসকলে মানি ল’ব নোখোজে তেওঁলোকে বিষয়টো পৃথক দৃষ্টিকোণেৰে চায়। তেওঁলোকে ধাৰণা কৰে যে এই মূর্তিটো এনে এক আগ্নেয়গিৰিৰ কাষত আছে, যিটো আগ্নেয়গিৰি বহু বছৰ ধৰি সুপ্ত অৱস্থাত আছে।
অৱশ্যে স্থানীয় লোকসকলেই সেই ধাৰণাক মানি নলয়। তেওঁলোকৰ বাবে এই মূর্তিটো ইমানেই শক্তিশালী যে তেওঁলোকক এই ভয়ানক বিপদৰ পৰা ৰক্ষা কৰি আহিছে।






























