Canada:
মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ পাছত এইবাৰ কানাডা চৰকাৰৰ ৰোষত পৰিছে ভাৰতীয় ছাত্র-ছাত্রী। দেশখনৰ আন্তর্জাতিক ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰায় ৪০ শতাংশই ভাৰতীয় যদিও এইবাৰ কানাডা চৰকাৰে সিংহভাগ ভাৰতীয় ছাত্র-ছাত্ৰীৰ ভিছা নাকচ কৰিছে। শেহতীয়াভাবে উপলব্ধ তথ্য অনুসৰি, কানাডাৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰ বাবে আগ্ৰহ প্ৰকাশ কৰা ভাৰতীয় ছাত্র-ছাত্ৰীসকলৰ ৮০ শতাংশৰে ভিছা দেশৰ চৰকাৰে নাকচ কৰিছে।
এই তথ্য প্রকাশ কৰিছে কানাডাৰ প্ৰব্ৰজন, শৰণাৰ্থী আৰু চিটিজেনশ্বিপ কানাডা (আইআৰচিচি) শীর্ষক সংস্থাই। উল্লেখ্য যে কানাডা চৰকাৰৰ তথ্য অনুসৰি যোৱা বছৰ ১.৮৮ লাখ ভাৰতীয় ছাত্র-ছাত্রীয়ে দেশখনৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভর্তি কৰে। অৰ্থাৎ ইয়াৰ পূৰ্বৰ দুবছৰৰ তুলনাত যোৱা বছৰ কানাডালৈ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দুগুণ হয়। উল্লেখ্য যে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পেও ভাৰতীয় ছাত্র-ছাত্রীৰ লগতে বিদেশী ছাত্র-ছাত্রীক ভিছা প্রদানৰ বিৰোধিতা কৰি সৰৱ হৈছিল। ই আছিল হার্ভার্ড বিশ্ববিদ্যালয়ৰ স’তে তেওঁৰ সংঘাতৰ অন্যতম কাৰণ।
ইয়াৰ সমান্তৰালভাৱে কানাডায়ো ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিছে। অৱশ্যে কেৱল ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধেই নহয়, আন একাংশ দেশৰ ছাত্ৰ-ছাত্ৰীক লৈও দৃষ্টিভংগী সলনি কৰিছে অট্টাৱাই। উপলব্ধ তথ্য অনুসৰি, এছিয়াৰ আন বিভিন্ন দেশৰ লগতে আফ্রিকাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰতো কানাডা কঠোৰ হৈছে। থকা-খোৱাৰ নাটনি, আন্তঃগাঁথনিৰ ওপৰত হেঁচা আদিৰ লগতে স্থানীয় প্রতিভাক অগ্রাধিকাৰ দিয়াৰ অজুহাতত কানাডা চৰকাৰে এনে স্থিতি লৈছে বুলি দাবী কৰিছে।
এই সম্পৰ্কত কানাডা চৰকাৰৰ এজন বিষয়াই কয়, ‘বিদেশী ছাত্ৰ-ছাত্ৰীৰ ভিছা আবেদনৰ ক্ষেত্ৰত প্ৰব্ৰজন, শৰণাৰ্থী আৰু চিটিজেনশ্বিপ কানাডাই কঠোৰ পৰীক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী প্ৰক্ৰিয়ালৈ মৌলিক পৰিৱৰ্তন আহিছে।’ উল্লেখ্য যে কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি অগণন ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰো উচ্চ শিক্ষাৰ সপোনৰ স্থলী। অৱশ্যে ২০২২ৰ পৰা ২০২৪ৰ সময়ছোৱাত কানাডাক পছন্দ কৰা ভাৰতীয় ছাত্র-ছাত্রীৰ সংখ্যা ১৮ শতাংশৰ পৰা ন শতাংশলৈ হ্রাস পায়। শেহতীয়াভাৱে কানাডা চৰকাৰে বিদেশী ছাত্ৰ-ছাত্ৰীয়ে কাম কৰাৰ ক্ষেত্ৰতো বাধ্যবাধকতা আৰোপ কৰিবলৈ লৈছে। ফলত দেশখনলৈ উৰা মাৰিবলৈ সাজু হৈয়ো বহু বিদেশী ছাত্র-ছাত্রী নিৰাশ হৈছে।
ইয়াৰ বিপৰীতে জার্মানী ক্ৰমাৎ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সপোনৰ অধ্যয়নস্থলীত পৰিণত হ’বলৈ ধৰিছে। ২০২৩ৰ পৰা ২০২৫ৰ সময়ছোৱাত জার্মানীলৈ উচ্চ শিক্ষা গ্রহণ কৰিবলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৪৯,৫০০ ৰ পৰা প্ৰায় ৬০ হেজাৰলৈ বৃদ্ধি পায়। এই তথ্য প্রকাশ কৰিছে জাৰ্মানী চৰকাৰৰ পৰিসংখ্যা কার্যালয়ে। এনেদৰে জাৰ্মানী ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ সপোনৰ শিক্ষা গ্রহণৰ স্থলীত পৰিণত হোৱাৰ অন্যতম কাৰণ হৈছে দেশখনৰ বিশ্ববিদ্যালয় সমূহ ৰাজহুৱা পুঁজিৰে পৰিচালিত হয়। ফলত শিক্ষাগ্রহণৰ খৰচ হ্রাস পায়। আন এটা কাৰণ হৈছে জার্মান বিশ্ববিদ্যালয় সমূহত ইংৰাজী ভাষাত শিক্ষাৰ প্ৰসাৰ ৷






























