Dibrugarh:
একাংশ আৰক্ষীৰ দক্ষতাৰ বিপৰীতে আন একাংশ অকমন্য আৰক্ষীৰ বাবেই বাৰেপতি ৰাইজৰ কাঠগড়াত অসম আৰক্ষী। আৰক্ষী থানাৰ লকআপৰ পৰাই পলায়ন গভাইত চোৰ ৷ এই ঘটনা ডিব্ৰুগড়ৰ ৰহমৰীয়া থানাৰ ৷
ADVERTISEMENT
ৰহমৰীয়া বিভিন্ন অঞ্চলত চুৰি কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰি অহা এটা গভাইত চোৰ ৰহমৰীয়া আৰক্ষীৰ জালত পৰে ৷ গভাইত চোৰটোক কৰায়ত্ত কৰি ৰখা হয় ৰহমৰীয়া থানাত ৷ কিন্ত আৰক্ষী জিন্মাত থকা অৱস্থাতেই লকআপৰ পৰাই পলায়ণ কৰে চোৰটো । আনহাতে দায়িত্বত অৱহেলা কৰাৰ অভিযোগত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ৰহমৰীয়া থানাৰ অ’চি বিজয় দৈমাৰীক ৰিজাৰ্ভ ক্ল’জড কৰে ডিব্ৰুগড়ৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ৷






























