Gohpur :
শাসকীয় বিজেপি চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি অহাৰ সময়ত গহপুৰ পৌৰসভাত সংঘটিত দুৰ্নীতি আৰু দুৰ্নীতিৰ ফলত এটা ৱাৰ্ডৰ বাসিন্দাৰ লগতে শ শ ছাত্ৰ-ছাত্ৰীয়ে এজাক বৰষুণতে দুৰ্ভোগ ভূগিবলগা হোৱাৰ অভিযোগ উঠিছে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি,যিটো সময়ত গহপুৰ নগৰৰ সৌন্দৰ্য বৰ্ধনেৰে কনকলতা উদ্যানৰ সমীপৰ বৰপুখুৰীত ” ফ্লটিং ফাউণ্টেইন ” নিৰ্মাণ কৰি নগৰ উন্নয়নৰ চমক সৃষ্টি কৰিছে তেনে সময়তে পৌৰসভা খনৰ অন্তৰ্গত আঠ নং ৱাৰ্ড কলেজগুৰিত এজাক বৰষুণতে কৃত্ৰিম বানপানী সৃষ্টি হৈ থকাৰ পৰিপেক্ষিতত ২০২২—২৩ বৰ্ষত আনটাইড ফাণ্ডৰ পৰা ৱাৰ্ডটোৰ কলেজগুৰিৰ পৰা সেউজপাৰলৈকে দুটা অংশত নলা নিৰ্মাণৰ প্ৰায় ১৯ লাখ টকা আৱণ্টন হয় ৷

তাৎপৰ্যপূৰ্ণ যে,ৱাৰ্ডটোৰ মাজ অংশতে নলাটো মাথো ডেৰশ মিটাৰমান নিৰ্মাণ কৰিয়েই কামৰ সামৰণি মৰাত সম্প্ৰতি আধাৰুৱা হৈ থকা নলায়েদি বৰষুণৰ পানী বাগৰি পথটো ডুবাই পেলোৱাৰ লগতে ৱাৰ্ডটোৰ বহুকেইটা পৰিয়ালৰ চোতাল ঘৰ বুৰাই পেলাইছে ৷ নলাটো নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত জমা হোৱা বৰষুণৰ পানী সমূহ ওলাই যোৱাৰ কোনো পথ নথকাত ফলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত পথটোৰে যাতায়ত বিঘ্নিত হৈ পৰিছে ৷ যোৱা নিশাৰপৰা হোৱা বৰষুণৰ ফলত ৱাৰ্ডটোৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে যাতায়াতৰ সমস্যাৰ সন্মুখিন হ’ব লগা হৈছে ৷
পথটোৰ দাঁতিতে আছে ” জ্ঞানভাৰতী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল” আৰু কনকলতা একাডেমী ৷ তদুপৰি ছয়দুৱাৰ মহাবিদ্যালয়,গহপুৰ আদৰ্শ বিদ্যালয় (কনভেন্ট) কে ধৰি বহু বিদ্যালয়লৈ অহা-যোৱা পথটো সম্প্ৰতি কৃত্ৰিম বানত বুৰ গৈ থকাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে শিক্ষা গ্ৰহণত বাধা হৈ পৰিছে ৷
উল্লেখযোগ্য যে, উক্ত আঠ নং ৱাৰ্ডতে বাস কৰা গহপুৰ পৌৰসভাৰ উপ -পৌৰপতি জোনালী পেগুৰ ভূমীকাও ৰাইজৰ বাবে সন্তুোষজনক নহয় ৷ তৎস্বত্বেও ৱাৰ্ডটোৰ আধাৰুৱা হৈ ৰোৱা নলাটো আজি পৰ্যন্ত সম্পূৰ্ণ কৰিব নোৱাৰাটো উপ পৌৰপতি গৰাকীৰ ব্যৰ্থতাকে প্ৰতিপন্ন কৰি তুলিছে ৷ সেয়ে ৱাৰ্ডবাসীৰ লগতে ছাত্ৰছাত্ৰী সকলে আধাৰুৱা কৰি ৰখা নলাটোৰ সন্দৰ্ভত বিভাগীয় উচ্চস্তৰৰ বিষয়াৰ তদন্তৰ দাবী জনাইছে ৷






























