সংবাদ মাধ্যমলৈ চাউতাল উগ্ৰপন্থি সংগঠন নেচনেল চানথাল লিবাৰেচন আৰ্মী(এন এচ এল এ)` ৰ ভিডিঅ’ বাৰ্তা
চৰকাৰৰ স’তে যুদ্ধবিৰতি চুক্তিৰ বাবে মাৰনাস্ত্ৰ সহ যাৱতীয় চিৰাং জিলা আৰক্ষী অধিক্ষকৰ ওচৰত জমা দিয়া বুলি দাবী কৰাৰ লগতে মুকলি ভাৱে ওলাই অহাত সহায় কৰিবলৈ বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰী ও মুখ্যমন্ত্ৰীলৈ আহ্বান জনায় ।
চাউতাল সকলৰ জনজাতীকৰণ, ভূমিপাট্টা প্ৰদানৰ লগতে অন্যান্য দাবী সমুহ শীঘ্ৰে সমাধানৰ দাবী জনায় । এতিয়ালৈ চৰকাৰৰ পৰা বিচৰা ধৰণে সহাৰি নোপোৱাত এইদৰে সংবাদ মাধ্যমযোগে বাৰ্তা প্ৰেৰণ কৰা বুলি জনায় ।
সংগঠনটোত ৪৮৩ সদস্য থকা বুলি কোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে যোৱা ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত চিৰাঙত মাৰনাস্ত্ৰ উদ্ধাৰ হোৱা বুলি চিৰাং আৰক্ষীয়ে প্ৰকাশ কৰিছিল যদিও উক্ত মাৰনাস্ত্ৰ এই উগ্ৰপন্থি সংগঠনৰ পৰা যুদ্ধবিৰতি চুক্তিৰ বাবে মাৰনাস্ত্ৰ জমাহে দিছিল বুলি দাবী কৰা পৰিলক্ষিত হৈছে। লক্ষ্যনীয় হব এই ভিডেঅ বাৰ্তাৰ পাছত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যনীয়






























