দুদিনমানৰ পাছতে পোহৰৰ উৎসৱত মতলীয়া হ’ব সমগ্র দেশ। এফালে কালীপূজা, আনফালে দীপাৱলী। এনে উৎসৱৰ পৰা যাতে কৰ্মচাৰীসকলৰ বঞ্চিত নহয়, তাৰ বাবে ন দিনৰ দীঘলীয়া ছুটী ঘোষণা কৰিলে দিল্লীৰ এটা কোম্পানীয়ে।
স্বয়ং কোম্পানীটোৰ মুখ্য কার্যবাহী বিষয়াই ইমেইলযোগে সকলোকে এই কথা জানিবলৈ দিয়ে। তাত লিখিছে, ‘ই দীপাৱলীত ইমেইল কৰা বন্ধ কৰক, প্ৰচুৰ মিঠাই খাওক।’ কোম্পানীৰ পৰা এনে ইমেইল লাভ কৰি স্বাভাৱিকতে আনন্দত আত্মহাৰা হৈ পৰিছে কৰ্মচাৰীসকল।
এজন কর্মচাৰীয়ে সামাজিক মাধ্যমত লিখিছে, ‘বহু কৰ্মক্ষেত্ৰতেই কোম্পানীৰ সংস্কৃতিক লৈ কথা কোৱা হয় ঠিকেই, কিন্তু ইয়াত সঁচাকৈয়ে কৰ্মচাৰীসকলৰ কথা ভবা হয়।’ লগতে উৎসৱত পৰিয়ালৰ লগত সময় কটাবলৈ যিদৰে ছুটী দিয়া হৈছে সেই কথাও তেওঁ উল্লেখ কৰিছে। দিল্লীৰ এই কোম্পানীটোৰ নাম এলিট মার্কিউ। ই এটা পিআৰ কোম্পানী। সাম্প্রতিক সময়ত কামৰ চাপত কার্যতঃ কৰ্মচাৰীসকল জৰ্জৰিত।
পৰিয়ালৰ লগত সময় কটোৱাৰ মাজতো কোনোবা সময়ত কৰ্মচাৰীসকলে লেপটপ লৈ কামত ব্যস্ত হ’বলগীয়া হয়। কেৱল সেয়াই নহয়, উৎসৱৰ পৰিৱেশত ছুটী পোৱাটোও কেতিয়াবান প্রত্যাহ্বানজনক হৈ পৰে। তেনে অৱস্থাত দীপাৱলীৰ পূর্বে এনে এটা ইমেইলে কৰ্মচাৰীসকলক পৃথক আনন্দ প্রদান কৰিছে।
তেওঁলোকে কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া ৰজত গ্ৰ’ভাৰক ধন্যবাদ জনাইছে। উল্লেখ্য যে মুখ্য কার্যবাহী বিষয়া গ্ৰ’ভাৰৰ তৰফৰ পৰা কৰ্মচাৰীসকললৈ এক পত্ৰ প্ৰেৰণ কৰি ছুটী দিয়াৰ কথা জনাইছে।
তাত লিখিছে, ‘অফিচিয়েল ইমেইল একেবাৰে নাচাব। ন দিনৰ ছুটী উপভোগ কৰক। গোটেই নিশা পৰিয়ালৰ স’তে কটাওক আৰু মিঠাই খাওক।’ কোম্পানীৰ এই সিদ্ধান্তই স্বাভাৱিকতে তোলপাৰ লগাইছে। আনবোৰ কোম্পানীৰ মুখ্য কার্যবাহী বিষয়ায়ো ভবিষ্যতে এনে কথা ভাবিব নেকি বুলি আশা প্রকাশ কৰিছে অনেক কৰ্মচাৰীয়ে।






























