Vishal Mega Mart:✒️মহানগৰীৰ গণেশগুৰিৰ উৰণ সেতুস্থিত শ্বপিং মল ‘বিশাল মেগামার্ট’ত বজাৰ কৰিবলৈ গৈ গ্রাহক হাৰাশাস্তি হ’বলগীয়া হৈছে। কিয়নো বৃহৎ বজাৰ চলাই থাকিলেও বিশাল মেগামার্টে গ্রাহকক ন্যূনতম সুবিধাখিনিও প্ৰদান নকৰাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। কে’বাটাও চর্ত আৰু গ্ৰাহকক পর্যাপ্ত সা-সুবিধা প্ৰদানৰ চৰ্তেৰে গুৱাহাটীত একোটা শ্বপিং মল স্থাপনৰ অনুমতি প্রদান কৰে গুৱাহাটী পৌৰ নিগমে।
ইয়াৰ ভিতৰত অন্যতম চৰ্ত হ’ল সংশ্লিষ্ট শ্বপিং মলৰ নিজাববীয়া পার্কিঙৰ ব্যৱস্থা থাকিব লাগিব আৰু গ্ৰাহকৰ পৰা পার্কিং মাচুল ল’ব নোৱাৰিব। একেদৰে পুৰুষ-মহিলাৰ বাবে সুকীয়াকৈ সু-পৰিষ্কাৰ শৌচাগাৰ, অগ্নিনির্বাপন আৰু সুৰক্ষাৰ সু-ব্যবস্থা, গর্ভৱতী আৰু বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ ব্যবস্থা (লিফ্ট), এশ শতাংশ বিদ্যুৎ, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, ডাষ্টবিন, পর্যাপ্ত শীত-তাপ নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ উপৰি নির্দিষ্ট গ্রাহকৰ বিপৰীতে পর্যাপ্ত কৰ্মচাৰী নিয়োগ কৰিব লাগে সংশ্লিষ্ট শ্বপিং মলে।
তৎসত্ত্বেও গণেশগুৰিৰ বিশাল মেগামার্টে গ্রাহকক পর্যাপ্ত সুবিধাৰ পৰা বঞ্চিত কৰি আহিছে। তদুপৰি গ্রাহকৰ অভিযোগক গুৰুত্ব নিদিয়ে। উল্লেখ্য যে বৃহৎ শ্বপিং মলটোৰ অধিকাংশ সময়তে বহনক্ষমতাকৈ অধিক গ্রাহকে ঠাই খাই থাকে। বিপৰীতে শ্বপিং মলটোত প্রায় ১৫টা ‘কেছ কাউন্টাৰ’ আছে যদিও ইয়াৰ দুই-তিনিটাহে কার্যক্ষম হৈ থাকে। ফলত বহু গ্রাহকে ধন দিবলৈ বুলি মলৰ ভিতৰত ২০-৩০ মিনিট পর্যন্ত শাৰী পাতিবলগীয়া হয়।
এনে বিষয়ক লৈ বহু সময়ত কৰ্মচাৰী আৰু গ্ৰাহকৰ মাজত তর্ক-বিতর্ক হৈ আহিছে যদিও এনে কথাত কোনো গুৰুত্ব নিদিয়ে কর্তৃপক্ষই। যোৱা বৃহস্পতিবাৰেও মলটোৰ ভিতৰত গ্ৰাহক আৰু কৰ্মচাৰীৰ মাজত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে বৃহস্পতিবাৰে এগৰাকী গ্রাহকে শপিং মলৰ পৰা সামগ্রী ক্ৰয় কৰিছিল আৰু অনলাইন মাধ্যমৰে ধন আদায় দিছিল।
গ্রাহকজনৰ একাউণ্টৰ পৰা সেই ধন ওলাই যায় যদিও শপিং মলৰ একাউণ্টত নোসোমাল। ফলত কৰ্মচাৰীজনে গ্রাহকক সংশ্লিষ্ট সামগ্ৰীৰ বিপৰীতে বিল যোগান নধৰি লগে লগে ঊর্ধ্বতন কর্তৃপক্ষক বিষয়টো অৱগত কৰে যদিও প্রায় এঘণ্টাৰ পাছতহে গ্রাহকজনৰ কাষত এজন বিষয়া উপস্থিত হয়।
তেতিয়ালৈ অযথা এঘণ্টা অপেক্ষা কৰিবলগীয়া হোৱাত আমনি লগা গ্রাহকজনে খর্গহস্ত হৈ বিষয়াজনৰ লগত তর্কাতর্কিত লিপ্ত হয়। এই ঘটনাৰ পাছতে কে’বাজনো গ্রাহকে অভিযোগ কৰে যে মলটোত প্রায়ে এনে ঘটনা সংঘটিত হয় যদিও এই সমস্যা দূৰ কৰাত কর্তৃপক্ষৰ কোনো গুৰুত্ব নাই।
লগতে তেওঁলোকে কয় যে তেওঁলোকৰ ১৫টা কাউণ্টাৰ আছে, তাতে তিনিজন কর্মচাৰীহে আছে। ফলত গ্রাহকসকল বহু সময় ধৰি শাৰী পাতিবলগীয়া হয়। শাৰী পাতি কাউণ্টাৰৰ ওচৰ পালে আকৌ কয় ইয়াত নগদ ধনৰহে বিল হ’ব, নগদ নহ’ব অনলাইন হ’ব। মুঠতে নাটক শেষ নাই।
গুৰুত্বপূর্ণ কথাটো হ’ল যে তেওঁলোকৰ উপযুক্ত শীত-তাপ নিয়ন্ত্রণৰ ব্যৱস্থা নাই। প্রথম মহলাত কিছু সময় থাকে যদিও উশাহ লোৱাত বহুতৰে কষ্ট হয় বুলি বিভিন্নজনে এই অভিযোগ কৰিছে। যিদিনা অঘটন হ’ব সেই দিনাহে সকলোৰে চকু মেল খাব বুলি একাংশ গ্রাহকে মন্তব্য কৰে। উল্লেখ্য যে মলটোলৈ যদি কোনো গর্ভবর্তী মহিলা বা বয়োজ্যেষ্ঠ লোক যায়, খোজ কাঢ়ি প্রথম, দ্বিতীয়, তৃতীয় মহলালৈ উঠিবলগীয়া হয়। লিফ্টৰ সুব্যবস্থা নাই বুলি একাংশ গ্রাহকে অভিযোগ কৰে।
তেনেস্থলত শপিং মলখনে গ্রাহকৰ প্ৰতি দায়বদ্ধ কর্ম সম্পাদন কৰিছে নে নাই গুৱাহাটী পৌৰ নিগমে সময়ে সময়ে পৰীক্ষা কৰিব লাগে যদিও কেবল অনুজ্ঞাপত্র দিয়ে দায়িত্ব সামৰাৰ ফলত আজি গ্রাহকে অভাবনীয় সমস্যাৰ সন্মুখীন হৈ আহিছে। এই ক্ষেত্ৰত শ্বপিং মলখনৰ বিৰুদ্ধে অভিযান বিহিত ব্যৱস্থা গ্ৰহণৰ লগতে গ্রাহকক পর্যাপ্ত সুবিধা প্ৰদানৰ বাধ্য কৰোৱাবলৈ গ্রাহকসকলে দাবী কৰিছে।





























