Maoists:✒️‘আত্মসমৰ্পণ অথবা মৃত্যু’ এই দুটাৰ পৰা কোনো এটা বাছনি কৰিব দিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। সেই অনুসৰি দেশৰ পৰা ‘মাওবাদ’ শব্দটো দেশৰ পৰা মচি পেলোৱাৰ বাবে আৰম্ভ হয় অভিযান ।
অন্ধ্ৰ প্ৰদেশৰ আল্লুৰী সীতাৰামাৰাজু জিলাৰ মাৰেডুমিলি অঞ্চলত নক্সাল বিৰোধী অভিযানৰ অংশ হিচাপে একেৰাহে দ্বিতীয় দিন নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ অব্যাহত থাকে।
বুধবাৰে পুৱা সংঘটিত হোৱা এই এনকাউণ্টাৰত নিহত হয় সাতটাকৈ নক্সালবাদী।
উল্লেখ্য যে, মঙলবাৰেও একেটা অঞ্চলতে নক্সালবাদীৰ শীৰ্ষ সেনাপতি মাদৱী হিদমাকে ধৰি ছয়জন মাওবাদী নিহত হয়।
তথ্য অনুসৰি আজিও নিৰাপত্তা বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। আজি পুৱালৈকে সাতজন নক্সালবাদীক হত্যা কৰা হৈছে ইয়াৰে তিনিগৰাকী মহিলা মাওবাদী।






























