দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজস্থানৰ কোটাত ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও সাতজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰায় ১০জন। শনিবাৰে পুৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ সময়ত অধিকাংশ যাত্ৰী নিদ্ৰাৰত অৱস্থাত আছিল।
ৰাজস্থান আৰক্ষীয়ে জনোৱা অনুসৰি, মধ্যপ্ৰদেশৰ পৰা ৰাজস্থানৰ খাটুশ্যাম মন্দিৰলৈ গৈ আছিল তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া এখন টেম্পো ট্ৰেভেলাৰ। হঠাতে বাহনখনে ডিভাইডাৰ ভাঙি পথৰ পৰা ওলাই প্ৰায় ২০ ফুট তলত থকা এটা নলাত পৰে।
তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত মুঠ ২০জন যাত্ৰী আছিল। আটাইকেইজন মধ্যপ্ৰদেশৰ বেতুল জিলাৰ বাসিন্দা। মধ্যপ্ৰদেশৰ ৰিংগাছত অৱস্থিত খাটুশ্যাম মন্দিৰ দৰ্শনৰ বাবে ওলাইছিল তেওঁলোক। শুকুৰবাৰে নিশা বেতুলৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল বাহনখনে। শনিবাৰে পুৱা প্ৰায় সাত বজাত কাৰাড়িয়া টোল প্লাজা অতিক্ৰম কৰি সুলতানপুৰৰ দিশে গৈ থকা সময়তে চালকজনে নিয়ন্ত্ৰণ হেৰুৱায়।
ফলত বাহনখনে ডিভাইডাৰ ভাঙি এটা নলাত পৰে। তাৰ পূৰ্বে বাহনখনে এখন দেৱালত প্ৰচণ্ড জোৰে খুন্দা মাৰে। দুৰ্ঘটনাস্থলীতে চাৰিজন যাত্ৰীৰ মৃত্যু হয়। চিকিৎসালয়লৈ নিয়াৰ পথত আন তিনিজন যাত্ৰীৰ মৃত্যু হয়। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ভাঙি যায়।
আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাৰ পূৰ্বে অধিকাংশ যাত্ৰী শুই আছিল। আৰক্ষীৰ অনুমান, চালকজনৰো হয়তো টোপনি আহিছিল। অৱশ্যে, দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত এতিয়াও নিশ্চিত হ’ব পৰা হোৱা নাই। দুৰ্ঘটনাৰ পিছতে স্থানীয় গাঁওবাসী আৰু পথচাৰীয়ে উদ্ধাৰ অভিযানত হাত উজান দিয়ে। কিছু সময়ৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।
নেচনেল হাইৱে অথৰিটি অৱ ইণ্ডিয়া (এনএইচএআই)-ৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। জৰুৰীকালীন এম্বুলেন্স সেৱাৰো ব্যৱস্থা কৰা হয়। ভাঙি যোৱা বাহনখন উদ্ধাৰ কৰি ওপৰলৈ তুলি আনিবলৈ এনএইচএআইৰ এখন ক্ৰেনো ব্যৱহাৰ কৰা হয়।
ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটে সমাজমাধ্যমযোগে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰে। তেওঁ লিখিছে, ‘‘কোটা জিলাৰ ছিমলিয়া আৰক্ষী থানা এলেকাত ভোপালৰ পৰা খাটুশ্যামজীলৈ গৈ থকা এখন মিনিবাছৰ পথ দুৰ্ঘটনাত কেইবাজনো লোকৰ প্ৰাণহানি হোৱাৰ খবৰটো অত্যন্ত দুখজনক আৰু হৃদয়বিদাৰক।’’
তেওঁ লগতে লিখিছে, ‘‘মই শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঈশ্বৰে তেওঁলোকক এই অপূৰণীয় ক্ষতি সহ্য কৰাৰ শক্তি দিয়ক। আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ।’’




























