LongevityResearch : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিভিন্ন গৱেষণাত শাক-পাচলি খোৱাৰ স’তে দীর্ঘায়ুৰ সম্পৰ্ক পোৱা গৈছে। অথচ চীনৰ এক নতুন গৱেষণাত দেখা গৈছে যে নিৰামিষভোজী মহিলাৰ তুলনাত মাংসভোজী মহিলাৰ এশ বছৰ পর্যন্ত জীয়াই থকাৰ সম্ভাৱনা অধিক। চীনা গৱেষকৰ দলে দাবী কৰিছে যে কম ওজনৰ মহিলাৰ ক্ষেত্ৰত মিৰামিষ খাদ্যাভ্যাসৰ তুলনাত প্রতিদিনে মাংস খোৱাৰ ফলত এশ বছৰ পৰ্যন্ত বাচি থকাৰ সম্ভাৱনা ৪৪ শতাংশ বেছি।
স্বাভাৱিক বা অতিৰিক্ত ওজনৰ মহিলাৰ ক্ষেত্ৰত অৱশ্যে বিষয়টো তেনেকুৱা নহয়। উক্ত গৱেষণাৰ প্রতিবেদন ‘দ্য আমেৰিকান জাৰ্ণেল অৱ ক্লিনিকেল নিউট্রিচন’ত প্রকাশ পাইছে। গৱেষণাত পুৰুষৰ ক্ষেত্ৰতো দীর্ঘায়ু আৰু নিৰামিষ খাদ্যাভ্যাসৰ মাজত কোনো সম্পর্ক নাছিল। ‘চাইনিজ লংজিটিউডিনাল হেলথি লংজিভিটি ছার্ভে’ই ৮০ বছৰৰ অধিক বয়সীয়া পাঁচ হেজাৰৰ অধিক মানুহক লৈ গৱেষণাটো কৰিছিল।
এয়া হৈছে বিশ্বৰ যিকোনো প্রান্তত বয়স্ক লোকক লৈ কৰা সবাতোকৈ বৃহৎ গৱেষণা। গৱেষকৰ দলে ইয়াকো লক্ষ্য কৰিছে যে কেৱল কম ওজনৰ নিৰামিষভোজীসকলৰ মাংসভোজীৰ তুলনাত এশ বছৰ পর্যন্ত জীয়াই থকাৰ সম্ভাৱনা কম আছিল।
যিসকল লোকে মাংসৰ পৰিৱৰ্তে মাছ, দুগ্ধজাত খাদ্য বা কণী খাইছিল, তেওঁলোকৰো এশ বছৰ পৰ্যন্ত জীয়াই থকাৰ সম্ভাৱনা মাংসভোজীৰ দৰেই আছিল।
ইয়াৰ আগৰ এক গৱেষণাত উঠি আহিছিল যে বার্ধক্যত সুস্থ থাকিবলৈ প্র’টিন গ্রহণৰ মাধ্যমেৰে পেশী ৰক্ষা কৰাটো জৰুৰী। যিসকল প্রাপ্তবয়স্ক নাৰীয়ে পর্যাপ্ত পৰিমাণে কেল’ৰি আৰু অত্যাৱশ্যকীয় পুষ্টি গ্রহণ কৰে, তেওঁলোকৰ এশ বছৰ পৰ্যন্ত জীয়াই থকাৰ সম্ভাৱনা বেছি থাকে। নতুন গৱেষণাটোৱেও সেই একেই তত্ত্বকে সমর্থন কৰিছে।
ফুডান বিশ্ববিদ্যালয়, চীনৰ ৰোগ নিয়ন্ত্রণ আৰু প্ৰতিৰোধ কেন্দ্র তথা ছাংহাই জিয়াও টং বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে ১৪৫৯জন এশ বছৰ বয়সীয়া ব্যক্তিৰ স’তে ৮০ আৰু ৯০ বছৰ বয়সৰ ৩৭৪৪ জন লোকৰ পৰীক্ষাৰ ফল তুলনা কৰিছে।
গৱেষকসকলে যেতিয়া নিৰামিষ খাদ্যাভ্যস আৰু স্বল্প আয়ুৰ মাজত যোগসূত্রটো বিশ্লেষণ কৰি চায়, তেতিয়াই দেখা যায় যে এজন লোকৰ বডী মাছ ইনডেক্স (বিএমআই) এই সম্পৰ্কৰ অন্যতম মূল চালিকাশক্তি।
যিহেতু বয়স্ক লোকসকলেই অধিকাংশ ক্ষেত্রত কম ওজনৰ হয়, সেয়ে গৱেষকসকলে জনাইছে যে দীর্ঘায়ুৰ ক্ষেত্ৰত বিএমআইৰ ভূমিকা বিশ্লেষণ কৰি চোৱা উচিত। অৱশ্যে গৱেষকৰ দলটোৱে স্বীকাৰ কৰিছে যে অন্যান্য কাৰণেও ফলাফলৰ ওপৰত প্ৰভাৱ পেলাব পাৰে।
এই গৱেষণাত বছৰৰ পাছত বছৰ ধৰি খাদ্যাভ্যাসৰ পৰিৱৰ্তনক বিবেচনালৈ অনা হোৱা নাই, বৰঞ্চ বার্ধক্যত তেওঁলোকে কি খাইছে সেয়া উল্লেখ কৰা হৈছে।
বিজ্ঞানীসকলে দাবী কৰিছে যে খাদ্যাভ্যাসত বৈচিত্র্য আৰু ভাৰসাম্য থকাটো জৰুৰী। নিৰামিষ খাদ্য, উদ্ভিদ-ভিত্তিক খাদ্য আৰু কম মাংসযুক্ত খাদ্যই হৃদৰোগ, স্ট্রোক, টাইপ-২ ডায়েবেটিছ আৰু স্থূলতাৰ আশংকা হ্রাসত সহায় কৰে। যদিও ইয়াৰ অৰ্থ এইটো নহয় যে মাংস খোৱাটো বেয়া। যেনে ৰঙা মাংস আৰু প্ৰক্ৰিয়াজাত মাংস স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক।































