LuXizeng : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জীৱনৰ শতবর্ষ অতিক্ৰম কৰিলে, তথাপি এজন যুৱকৰ দৰে তেওঁৰ স্বাস্থ্যৰ অৱস্থা! অবিশ্বাস্য হ’লেও চীনৰ ঝেজিয়াং প্রদেশত লু ছিজেং নামৰ এনে এজন লোক আছে।
এজন সুস্থ-সৱল যুৱকৰ দৰে সদা প্রাণোজ্জ্বল ছিজেঙে শেহতীয়াভাবে তেওঁৰ দীর্ঘায়ু তথা সুস্বাস্থ্যৰ আঁৰৰ ৰহস্য ব্যাখ্যা কৰিছে। তেওঁ প্রকাশ কৰা অনুসৰি ইতিমধ্যে তেওঁ জীৱনৰ ১০১ বছৰ অতিক্ৰম কৰিছে।
এই দীর্ঘায়ু তথা সুস্বাস্থ্যৰ কাৰণ ব্যাখ্যা কৰি তেওঁ কয় যে নিয়মীয়াভাৱে প্ৰচুৰ পৰিমাণত কুহুমীয়া পানী গ্ৰহণ কৰে। তেওঁৰ মতে, নিয়মীয়াভাবে কুঁহমীয়া পানী পান কৰিলে স্বাস্থ্য অটুট থকাত সহায়ক হয়। একেদৰে কম চেনি খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে।
তেওঁৰ স্বাস্থ্য সম্পর্কীয় এই বিধান চীনৰ বহু যুৱক-যুৱতীয়ে গ্রহণ কৰিছে। তেওঁক আদর্শরূপে লৈ বহুতে নিয়মীয়াকৈ ব্যায়াম-অনুশীলনো কৰিবলৈ লৈছে। বয়সে এশ অতিক্ৰম কৰাৰ পাছতো ছিজেং খাদ্যক লৈ বিশেষভাবে সচেতন।
তেওঁ ঘৰৰ বাৰীত উৎপাদন কৰা শাক-পাচলি আদি খায়। তদুপৰি স্থানীয়ভাবে উৎপাদিত মাছ আদি গ্রহণ কৰে। এই খাদ্যাভ্যাস তেওঁৰ এতিয়াৰ নহয়। বিগত কে’বা দশক ধৰি তেওঁ এনে খাদ্য গ্রহণ কৰি আহিছে। ফ্রীজত থোৱা খাদ্য খোৱাৰ অভ্যাস তেওঁৰ প্ৰায়ে নাই। তাৰ বিপৰীতে তেওঁ নিয়মীয়াভাৱে বিভিন্ন ফলমূল যেনে তৰমুজ, নাচপতি আদি গ্রহণ কৰে।
তেওঁৰ বিশ্বাস যে ফলমূলে শৰীৰক সৰ্বদা সতেজ কৰি ৰাখে। তদুপৰি নিদ্ৰাৰ ক্ষেত্রটো তেওঁ বিশেষভাৱে সচেতন। সাধাৰণতে নিশা তেওঁ আঠ বজাত শোরে। একেদৰে পুৱা চাৰি বজাতে শোৱাপাটী ত্যাগ কৰে। তাৰ পাছতে তেওঁ নিয়মীয়াভাবে দুঘণ্টা ব্যায়াম কৰে। অৱশ্যে তেওঁ ছয় বজাতহে ঘৰৰ বাহিৰলৈ ওলাই যায়। তদুপৰি তেওঁ দুপৰীয়াও কিছু সময় শোৱে। এনেদৰে তেওঁ দীর্ঘায়ু লাভ কৰিছে বুলি প্রকাশ কৰিছে।































