দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মূল্যবৃদ্ধি, গণতন্ত্ৰ ৰক্ষাৰ মহাযুঁজ, ঋণৰ বোজা আদি এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰা জনতাৰ চোতাললৈ পুনৰ আগমন ঘটিল দুর্গতিনাশিনী মা দুৰ্গাৰ। দেশৰ প্ৰায় সকলো প্ৰান্তৰ লগতে অসমৰো সকলো ঠাইতে আৰম্ভ হ’ল পূজা। সকলো একাষৰীয়া কৰি দুর্গা পূজা উদ্যাপনৰ প্ৰস্তুতি। পিছে এনে এক সময়ত পূজা বুলি এখন কাপোৰ বা বেলুন এটা কিনিম বুলি ৰৈ থকা নলবাৰীৰ অৰৰাৰ তিনি ভনী দিম্পল, ভার্নিয়া আৰু ভিলিয়ানাই দেউতাকলৈ বৈ থাকিল যদিও বুকুৰ দুখ বুকতে সামৰি ৰাখিব লগা হ’ল তিনিও ভনীয়ে।
কিয়নো পূজাৰ এখন কাপোৰ বা এটা বেলুন কিনি দিবলৈ এই হেন পূজাৰ দিনত প্ৰথমবাৰলৈ তেওঁলোকৰ কাষত পিতৃ নাই। এটা অভিশপ্ত দিনে তেওঁলোকৰ পৰা কাঢ়ি লৈ গ’ল পূজাৰ আনন্দ- উল্লাসখিনি। মনত পৰিলেই বুকু কঁপি উঠা সেই দিনটো আছিল ২৬ আগষ্ট, ২০২৬। স্থান নেপাল।
চকুৰ সম্মুখতে এটা জলপ্রলয়ে মুহূৰ্ততে তচনচ কৰি লৈ গৈছিল সকলো। এনে শিহৰণকাৰী মহাপ্রলয়ৰ পৰা নিজকে ৰক্ষা কৰিছিল নলবাৰীৰ অৰৰা গাঁৱৰ পংকজ বর্মন আৰু সমৰ বেজবৰুৱাই। কিন্তু আজিও নেপালৰ পৰা স্বগৃহত উপস্থিত নহ’ল অৰৰাৰ অৰুণ মহন্ত।
ছমাহ পূর্বে নলবাৰীৰ অৰৰা গাঁৱৰ পৰা সুদূৰ নেপালত কর্ম সংস্থাপনৰ বাবে গৈছিল পংকজ বৰ্মন, সমৰ বেজবৰুৱাৰ লগতে অৰুণ মহন্ত। পংকজ, সমৰ আৰু অৰুণ মহন্ত আছিল তিনিজন ভাল বন্ধু। সেয়ে তিনিও নেপালত গৈ কর্মসংস্থাপন লাভ কৰে এটা জলবিদ্যুৎ প্রকল্পত।
আন দিনাৰ দৰে পংকজ আৰু সমৰে ২৬ আগষ্টৰ পুৱা আঠ বজাত নেপালৰ এনড্ৰিছ হাইদ্রো জলবিদ্যুৎ প্রকল্পত কামৰ বাবে ওলাই যায়। আনহাতে, পুৱা ছয়মান বজাত কৰ্তব্যৰ পৰা আহি বিছনাত শুই অৰুণ মহন্তই পত্নী আৰু কন্যাৰ স’তে ভিডিঅ’ কলৰ জৰিয়তে কিছুসময় কথা পাতি পাছত পুনৰ কথা পাতিম বুলি শুই পৰে।
কিন্তু শুই থকা সময়তে প্রলয়ংকৰী বানে অৰুণ মহন্ত শুই থকা স্থান জলপ্রলয়ে মুহূর্ততে তচনচ কৰি থৈ গ’ল। তাৰ পাছৰে পৰা এই পর্যন্ত কোনো সন্ধান নাই অৰুণ মহন্তৰ। ইপিনে, অৰুণ মহন্তৰ কোনো সন্ধান নাপাই নেপালত উপস্থিত হৈছে তেওঁৰ জ্যেষ্ঠ ভ্রাতৃ।
তেওঁ অৰুণ মহন্তই কাম কৰা পাৱাৰ উদ্যোগৰ বিষয়া-কৰ্মচাৰীৰ স’তে বিচাৰ-খোচাৰ কৰিও এই পর্যন্ত কোনো শুংসূত্র উলিয়াব পৰা নাই।
ইপিনে, পৰিয়ালটোৰ একমাত্র উপাৰ্জনকাৰী আছিল অৰুণ মহন্ত। তদুপৰি তেওঁ কৰ্মৰত উদ্যোগটোৰ পৰাও পৰিয়ালটোৱে কোনো আর্থিক সহায় লাভ কৰা নাই। যাৰ ফলত পৰিয়ালটো এতিয়া যথেষ্ট অসুবিধাৰ সম্মুখীন হ’ব লগা হৈছে। লক্ষ্যণীয় যে এনে এটা দুর্দশাগ্রস্ত পৰিয়ালক চৰকাৰৰ ফালৰ পৰাও কোনো বিশেষ ব্যৱস্থা গ্রহণ কৰা নাই।
তেনেস্থলত অৰুণ মহন্তৰ বাসগৃহত এতিয়া কেৱল দুখৰ পাহাৰ ভাঙি পৰা পৰিস্থিতি। অৰুণ মহন্তৰ পত্নীয়ে এতিয়া তিনি কন্যাক বুকুত সাবটি কেরল কান্দিছে। তেওঁলোকৰ এনে অৱস্থাত সকলো যেন বাকৰুদ্ধ। কি বুলি বুজনি দিব। এফালে শাৰদীয় দুর্গা পূজাক লৈ উখল-মাখল পৰিৱেশ। কিন্তু ঘৰখনত নাই কোনো পূজাৰ আনন্দ।
অৰুণ মহন্তৰ পত্নী নমিতা মহন্তৰ যেন এতিয়া শেষ আশ্রয় নেদেখাজন। পত্নী নমিতা মহন্তই এতিয়া তেওঁৰ স্বামী কুশলে ঘৰ আহি পোৱাৰ বতৰাৰ বাবে মন্দিৰত পুৱা-গধূলি দেবাদিদের মহাদেৱৰ ওচৰত আগবঢ়াইছে ধূপ-নৈবেদ্য। ইপিনে, পূজাৰ বতৰত তেওঁলোকৰ তিনি কন্যাক সান্ত্বনা দিবলৈ একপ্ৰকাৰ নির্বাক হৈ থকা অৱস্থা নমিতাৰ।
জ্যেষ্ঠ কন্যা দিম্পল মহন্তই মাতৃৰ আঁচলত হাত বুলাই তেওঁৰ দুই ভগ্নী ভার্নিয়া মহন্ত আৰু তৃতীয় শ্রেণীৰ ছাত্ৰী ভিলিয়ানাক সাহস দিছে। দেউতা এদিন আহিবই। শাৰদীয় বতৰত এতিয়া অৰুণ মহন্ত বাৰুকৈয়ে নোহোৱাৰ অনুভৱ কৰিছে পৰিয়ালটোৱে।































