JammuAndKashmir : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : জম্মু-কাশ্মীৰৰ কুপৱাৰাৰ কেৰন ছেক্টৰেৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল এদল সন্ত্ৰাসবাদীয়ে। কিন্তু সেনাই সেই চেষ্টা বিফল কৰে। সেনাৰ আক্ৰমণৰ সন্মুখীন হৈ সন্ত্ৰাসবাদীৰ দলটোৱেও গুলীচালনা কৰিবলৈ আৰম্ভ কৰে।
শনিবাৰে পুৱতি নিশাৰ পৰা উত্তৰ কাশ্মীৰৰ কেৰন ছেক্টৰৰ জুমাগুণ্ড অঞ্চলত আৰম্ভ হয় দুয়োপক্ষৰ মাজত গুলীয়াগুলী। সেনা সূত্ৰৰ খবৰ অনুসৰি, পুৱা প্ৰায় ৩.৩০ বজাত আন্ধাৰৰ সুযোগ লৈ সীমান্ত পাৰ হৈ ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল কেইবাজনো সন্দেহযুক্ত সন্ত্ৰাসবাদীয়ে। টহলদাৰী জোৱানসকলে লগে লগে তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰে।
সেনাৰ বাধাৰ সন্মুখীন হৈ সন্ত্ৰাসবাদীসকলে পলাবলৈ চেষ্টা কৰে। তেওঁলোকে এখন অৰণ্যত আত্মগোপন কৰে। তাৰ পৰাই সেনাবাহিনীক লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। প্ৰত্যুত্তৰত সেনাবাহিনীয়েও গুলীচালনা কৰে।
সেনাই অৰণ্যখন চাৰিওফালৰ পৰা ঘেৰি ধৰে। দুয়োপক্ষৰ মাজত কেবা ঘণ্টা ধৰি গুলীয়াগুলী চলে। সেনা সূত্ৰৰ খবৰ অনুসৰি, সন্ত্ৰাসবাদীসকলক চাৰিওফালৰ পৰা ঘেৰি পেলোৱা হয়। অৱশ্যে, সন্ত্ৰাসবাদীৰ দলটোত কিমানজন লোক আছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
সেনাৰ স’তে হোৱা গুলীয়াগুলীত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু হোৱা বুলি আৰক্ষীয়ে জনাইছে। তেওঁলোকৰ পৰিচয় জানিবলৈ চেষ্টা চলোৱা হৈছে। বাকী সন্ত্ৰাসবাদীসকলৰ সন্ধানত অব্যাহত আছে তালাচী অভিযান।
উল্লেখ্য যে কেইদিনমান পূৰ্বে পুঞ্চত নিয়ন্ত্ৰণৰেখাৰ সমীপত এক প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হৈছিল। কৃষ্ণা ঘাঁটিৰ সমীপত জিৰ’ লাইনত নংগী টেকৰী অঞ্চলত এই বিস্ফোৰণ ঘটিছিল। প্ৰাথমিকভাৱে জানিব পৰা গৈছিল যে এদল সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশৰ চেষ্টা চলাইছিল।
সেই সময়তে মাইন বিস্ফোৰণত চাৰিজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল। তেওঁলোকৰ মাজত লস্কৰ সন্ত্ৰাসবাদী সংগঠনৰ এজন কমাণ্ডাৰো আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। অনুপ্ৰৱেশ ৰোধ কৰিবলৈ নিয়ন্ত্ৰণৰেখাৰ কাষে কাষে পুতি থোৱা ‘এণ্টি-ইনফিলট্ৰেচন’ মাইনটো বিস্ফোৰিত হোৱাৰ ফলতে চাৰিজন সন্ত্ৰাসবাদীৰ মৃত্যু হৈছিল।




























