Tiger:✒️পশুৰাজৰ সন্মানৰ সমান্তৰালকৈ এটা সময়ত ঢেঁকীয়াপতীয়া বাঘৰ গৌৰৱো আছিল গুজৰাটৰ মুকুটত। যদিও প্রায় চাৰি দশকৰ পূৰ্বে গুজৰাটে সেই গৌৰৱ হেৰুৱাইছিল। অৱশ্যে সেই হৃৎগৌৰৱ উভতি আহিছে অপ্রত্যাশিতভাবে। সুদীর্ঘ ৪০ বছৰৰ পাছত গুজৰাটত পুনৰ দেখা পোৱা গ’ল অঞ্চলটোৰ পৰা বিলুপ্ত হোৱা ঢেঁকীয়াপতীয়া বাঘ।
সম্প্রতি গুজৰাটৰ দাহুদ জিলাৰ ৰতনমহল অভয়াৰণ্যত বন বিভাগৰ কেমেৰাত ধৰা পৰিছে এটা প্রাপ্তবয়স্ক মতা ঢেঁকীয়াপতীয়া।গুজৰাটক এছিয়াৰ সিংহৰ পীঠস্থান বুলি কোৱা হয়। সেই কৃতিত্বৰ সমান্তৰালকৈ ৰাজ্যখনৰ জংঘলত বাকী দুই ‘বিগ কেট’ গোষ্ঠীৰ সদস্য নাহৰফুটুকী আৰু ঢেঁকীয়াপতীয়াৰ অস্তিত্ব বন বিভাগৰ বাবে যে বিৰাট সফলতা, তাক বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই।
গুজৰাটৰ বনমন্ত্রী অর্জুন মোধৱাডিয়াই কয়, ‘এই ঘটনাই ইয়াকে প্রমাণ কৰে যে গুজৰাটৰ জংঘলত বন্যপ্ৰাণীৰ সংখ্যা বৃদ্ধিৰ লগে লগে বাস্তুতন্ত্ৰৰ যিমান উন্নতি হৈছে, তেনেকৈ প্ৰাণৰ বৈচিত্র্যও বৃদ্ধি পাইছে।’ আনহাতে, ৰাজ্যখনৰ বন বিভাগৰ এজন শীর্ষস্থানীয় বিষয়াই কয়, ‘গুজৰাট আৰু মধ্যপ্ৰদেশৰ সীমান্তবর্তী ঝাবুয়া আৰু কাঠিৱাড়া অঞ্চলৰ জংগত এই বাঘটোক দেখা গৈছে। ই এটা মতা বাঘ, যাৰ আনুমানিক বয়স পাঁচ বছৰ। বিগত ন মাহ ধৰি গুজৰাটৰ ৰতনমহল অভয়াৰণ্যতে বাঘটোরে বাস কৰি আছে। বিগত ন মাহ ধৰি বাঘটোক নিয়মিতৰূপে পর্যবেক্ষণ কৰি থকা হৈছে।’
প্রতিবেদন অনুসৰি, এই সাফল্যৰ অন্তৰালত আছে মধ্যপ্রদেশ আৰু গুজৰাটৰ এই বন্যপ্ৰাণ কৰিডোৰ। বিগত কিছু বছৰত মধ্যপ্ৰদেশৰ এই জংঘলত বাঘৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে। ইয়াৰ ফলতে উক্ত বাঘটো মধ্যপ্ৰদেশৰ জংঘলৰ পৰা গুজৰাটৰ জংঘলত উপস্থিত হৈছে।
উল্লেখ্য যে ১৯৮৫ত গুজৰাটৰ পৰা বিলুপ্ত হৈছিল ঢেঁকীয়াপতীয়া বাঘ। সেই বছৰ ডাং জিলাৰ জংঘলত পথ দুর্ঘটনাত মৃত্যু হৈছিল অন্তিমটো বাঘৰ। ইয়াৰ পাছত ২০০০ত ৰাজ্যখনৰ জংঘলত সামান্য সময়ৰ বাবে এটা বাঘৰ উপস্থিতি ধৰা পৰিছিল। মধ্যপ্রদেশ বা ৰাজস্থানৰ জংঘলৰ পৰা কেনেবাকৈ বাঘটো গুজৰাটত উপস্থিত হোৱা বুলি ধাৰণা কৰা হৈছিল।
তাৰ পাছত আৰু ৰাজ্যখনৰ জংঘলত ৰয়েল বেংগল টাইগাৰ কোনেও দেখা পোৱা নাছিল। ইমান বছৰৰ পাছত গুজৰাটত পুনৰ ঢেঁকীয়াপতীয়া বাঘৰ উপস্থিতি ধৰা পৰিল। বিগত ন মাহ ধৰি একেখন জংঘলতে সেই বাঘে অৱস্থান কৰি থকা বিষয়টোৱেও বন বিভাগলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।






























