Cotton University:
জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বহিল অনশনত ৷ ‘জুবিন সপ্তাহ’ৰ অন্তিম কাৰ্যসূচীৰ ১০ ঘণ্টীয়া অনশনত ছাত্ৰ একতা সভাৰ আহ্বানক্ৰমে বহু ছাত্ৰ- ছাত্ৰীয়ে অংশ লয়।
ADVERTISEMENT
বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰত পুৱা পুৱা ৭ বজাৰ আৰম্ভ হোৱা অনশন অন্ত পৰিব বিয়লি ৫ বজাত ৷ অনশনকাৰী শিক্ষাৰ্থীৰ চৰকাৰলৈ আহ্বান জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু ঘটনাৰে জড়িত প্ৰতিজনে যাতে উচিত শাস্তি পায় । কোনোৱে যাতে সাৰি যাব নোৱাৰে তালৈ তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিব প্ৰতিজন কটনিয়ানে ৷ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষীপ্ৰ কৰাৰ দাবী কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ ৷



































