Car Fire in Noonmati:
মহানগৰীৰ নুনমাটিৰ চেক্টৰ তিনিত নিশা হঠাতে ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন চাৰিচকীয়া বাহন ৷ গীতা নগৰ দিশৰ পৰা নুনমাটি দিশে যোৱা তীব্ৰ বেগী বেলেনো’ বাহন খনে প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই আন এখন বাহনত খুন্দা মাৰি লগে লগে জ্বলি উঠে ৷
মুহূৰ্ততে জুয়ে আগুৰি ধৰে বাহন খন ৷সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় বেলেনো বাহন খন ৷ অৱশ্যে বাহনখনত থকা চালক সহ আনজন যুৱক কথমপি ৰক্ষা পৰে । জ্বলি উঠা বাহনখনৰ নম্বৰ এএছ০১-জি যে ৪৪১০ ৷ ঘটনাৰ পিছতে ঘটনা স্থলীত উপস্থিত হোৱা নুনমাটি থানাৰ যানবাহন আৰক্ষী জুই নিৰ্বাপন কৰি বাহনখন লৈ যায় নুনমাটি থানালৈ । লগতে থানালৈ নিয়ে দুৰ্ঘটনা সংঘটিত হোৱা বাহনখনত থকা দুই ব্যক্তিকো ৷
উল্লেখযোগ্য যে অত্যাধিক সুৰাপান কৰি তীব্ৰবেগত বাহনখন চলাই নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ চালকৰ বিৰুদ্ধে ৷ আনহাতে তীব্ৰবেগত অহা বাহনখনৰ পৰা কথমপি ৰক্ষা পৰে আন কেইবাখনো বাহন ৷



































