Fire breaks out at Upper Subansiri Hydropower Project:
গেৰুকামুখৰ নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰায়ে ইটোৰ পিছত সিটোকৈ সংঘটিত হৈ অহা অঘটন নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে ৷ এইবাৰ পুনৰ সংঘটিত হ’ল আন এক ভয়ংকৰ অঘটন।
ADVERTISEMENT
প্ৰকল্পৰ এছ টি ছাইডৰ পাহাৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় । মুহূৰ্ততে জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে গেৰুকামুখ প্ৰকল্পস্থলীৰ পাহাৰ। অগ্নিকাণ্ডৰ পিছতে প্ৰকল্পস্থলীত অগ্নিনির্বাপক বাহিনীয়ে কে’বাহখনো গাড়ী উপস্থিত হৈ জুই নিৰ্বাপনৰ বাবে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও নিয়ন্ত্রণ কৰিব পৰাই নাই অগ্নিকাণ্ড।



































