Bangladesh Situation:
চুবুৰীয়া বাংলাদেশত আকৌ এবাৰ অৰাজকতা ৷চৌদিশে উত্তপ্ত পৰিস্থিতি৷ উত্তেজনা। ছাত্ৰ বিক্ষোভৰ জৰিয়তে শ্বেইখ হাচিনাক ক্ষমতাৰ পৰা বিতাড়ন কৰি মহম্মদ ইউনিছৰ নেতৃত্বত গঠন হোৱা অন্তৱৰ্তীকালীন চৰকাৰ অধিস্থিত হোৱাৰ পিছৰে পৰা উদ্থান ঘটে মৌলবাদীৰ শক্তি। এই শক্তিয়ে শেহতীয়া ভাৰত বিৰোধী স্থিতি লৈ অহাৰ মাজতে ৩২বছৰীয়া শ্বৰীফ উচমান হাদী নামৰ ইনকিলাব মঞ্চৰ মুখপাত্ৰ ছিংগাপুৰত বৃহস্পতিবাৰে ৰহস্যজনক ভাৱে মৃত্যু হয় ৷ তেতিয়াৰে পৰা পৰিস্থিতি অতিশয় অগ্নিগৰ্ভা হৈ পৰে ৷ আনকি আজি একাংশ ছাত্ৰ বিক্ষোভকাৰীয়ে ঢাকাৰ দুখনকৈ সংবাদ পত্ৰৰ কাৰ্যালয় লণ্ডভণ্ড কৰি জ্বলাই দিয়ে ৷ পুনৰ ক্ষুব্ধ বিক্ষোভকাৰী টাৰ্গেট হৈ পৰে সংখ্যালঘু হিন্দু লোক ৷
বৃহস্পতিবাৰে নিশা মৈমনচিং জিলাৰ ভলুকা উপজিলাৰ স্কোৱাৰ মাষ্টাৰ বাৰীৰ দুবলীয়া পাৰা অঞ্চলত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। হিন্দু যুৱকক নবীক নিন্দা কৰাৰ অভিযোগত মৰিয়াই মৰিয়াই হত্যা কৰি পিছত জ্বলাই দিয়া হয় ৷ নিহত যুৱকজন স্থানীয় বস্ত্ৰ কাৰখানাত কাম কৰা আৰু অঞ্চলটোত ভাড়াতীয়া হিচাপে বাস কৰা দিপু চন্দ্ৰ দাস বুলি চিনাক্ত কৰে আৰক্ষীয়ে।
ভালুকা উপজিলাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিপন মিঞাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা মতে “বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত নবীক অপমান কৰাৰ বাবে এদল উত্তেজিত লোকে যুৱকজনক তেওঁৰ ভাড়াঘৰৰ ভিতৰৰ পৰা উলিয়াই আনি দলবদ্ধভাৱে প্ৰহাৰ কৰে উত্তেজিত লোকে ৷ পিচত মৃতদেহটো গছত বান্ধি জুই লগাই দিয়ে।
এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৈমনচিং মেডিকেল কলেজ হাস্পতালৰ মৰ্গলৈ প্ৰেৰণ কৰে। এই পৰ্যন্ত কোনো গোচৰ ৰুজু হোৱা নাই। “আমি তেওঁৰ আত্মীয়ক বিচাৰি আছো। তেওঁলোকে আহি গোচৰ ৰুজু কৰিলে আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মিঞাই কয়।






























