Denmark:✒️ডিজিটেল যুগৰ নতুন যোগাযোগৰ মাধ্যমে ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিছে। ই-মেইল, মেছেজিং এপ আৰু অনলাইন সেৱাৰ কাৰণত বিশ্বত যোগাযোগ ব্যৱস্থা দ্রুতগতিত সলনি আৰু সহজ হৈছে।
এই কাৰণত পৰম্পৰাগত ডাক সেৱা ব্যৱস্থা লাহে লাহে অপ্রাসংগিক হৈছে। বিশ্বৰ কে’বাখনো দেশে বর্তমানে ডাক সেৱা ব্যৱস্থা বন্ধ কৰিছে। এইবাৰ ডেনমার্কে ডাক ব্যৱস্থাৰ অৱসান ঘটোৱাৰ সিদ্ধান্ত ল’লে।
ডেনমাৰ্কৰ চৰকাৰী ডাক সেৱা সংস্থা প’ষ্টন’র্ড অহা ৩০ ডিচেম্বৰত সম্পূৰ্ণৰূপে বন্ধ কৰা হ’ব। ডেনমার্ক চৰকাৰে সদৰী কৰা অনুসৰি প’ষ্টন’ৰ্ডৰ পত্ৰৰ সংখ্যা ৯০ শতাংশ হ্রাস পোৱাৰ কাৰণত ডেনমাৰ্কত চৰকাৰী ডাক সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হ’ল।
এই বিভাগটো বন্ধ হোৱাৰ ফলত ডেনমার্কত ১৫০০ কৰ্মীক চৰকাৰে চাকৰিৰ পৰা অব্যাহতি দিব। ১৬২৪ বৰ্ষৰ পৰা ডেনমাৰ্কত চৰকাৰী ডাক সেৱা অব্যাহত আছিল আৰু ৪০০ বর্ষ পুৰণি ডাকসেৱা এতিয়া দেশখনত অতীত হ’ব।






























