হাৰিয়ানাৰ পালৱাল জিলাত হেপাটাইটিছৰ আতংকই লৈছে ভয়ংকৰ ৰূপ । যোৱা দুসপ্তাহত একেখন গাঁৱতে সাতজন লোকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে।
স্থানীয় লোকৰ মতে মৃতৰ সংখ্যা আৰু অধিক হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে।
ছাঁইসা নামৰ গাঁওখনত এতিয়া বহু লোক অসুস্থ হৈ পৰিছে। গাঁওবাসীৰ মতে, প্ৰায় প্ৰতিটো ঘৰতে কোনো নহয় কোনোজন অসুস্থ হৈ আছে আৰু পৰিস্থিতি “মহামাৰিৰ দৰে” ৰূপ লৈছে। শিশুসকলৰো অসুস্থ হোৱাৰ খবৰ ওলাইছে।
সংক্ৰমণৰ আতংক বৃদ্ধি পোৱাৰ লগে লগে স্বাস্থ্য পৰীক্ষাৰ বাবে চৰকাৰী স্বাস্থ্যকেন্দ্ৰ আৰু চিকিৎসালয়ত গাঁওবাসীৰ ভিৰ বৃদ্ধি পাইছে। স্বাস্থ্য বিভাগে অঞ্চলটোত বিশেষ নজৰদাৰী আৰম্ভ কৰাৰ লগতে শিবিৰ পাতি স্বাস্থ্য পৰীক্ষা চলাই আছে।
প্ৰাথমিক তদন্তত কিছুমান মৃত ব্যক্তিৰ দেহত হেপাটাইটিছ-বি সংক্রমণ ধৰা পৰিছে বুলি স্বাস্থ্য বিভাগে জনাইছে। যদিও সংক্রমণৰ উৎস সম্পৰ্কে তদন্ত অব্যাহত আছে আৰু অযথা আতংকিত নহ’বলৈ জনসাধাৰণক আহ্বান জনোৱা হৈছে।






























