Dibrugarh:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰাভিযানত অংশ লোৱাৰ উদ্দেশ্য মঙলবাৰে সন্ধিয়া ডিব্ৰুগড়ত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোহাৰী চাহ বাগিচাৰ ৰিৰ্জটত নিশাটো কটায় ৷ বুধবাৰে পুৱাই প্ৰচাৰ সভাত অংশ লোৱাৰ পূৰ্বে মনোহাৰী চাহ বাগিচাত উপস্থিত হয় প্ৰধানমন্ত্ৰী গৰাকী। বাগিচাৰ শ্ৰমিকৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীয়ে I

চাহ শ্ৰমিকৰ আৰ্থসামাজিক, শিক্ষা, স্বাস্থ্যক লৈ আলোচনা মোদীৰ I এটি কলি দুটি পাতৰ সৈতে চিনাকি প্ৰধানমন্ত্ৰী মোদীৰ I আধা কেজি কেঁচা চাহপাত ছিগিলে প্ৰধানমন্ত্ৰী মোদীয়ে I ১৯ গৰাকী মহিলা শ্ৰমিকৰ সৈতে ১০-১৫ মিনিট বাৰ্তালাপ কৰে মোদীয়ে I মহিলা শ্ৰমিকৰে বাৰ্তালাপ নিজেও চাহ বিক্ৰী কৰাৰ কথা সোঁৱৰিলে প্ৰধানমন্ত্ৰীয়ে।






























