BJP Election Rally in Jagiroad:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্য বিধানসভা নিৰ্বাচনৰ আজি প্ৰচাৰাভিযানৰ অন্তিম দিন ৷ বিয়লি ৪ বজাৰ লগে লগে অন্ত পৰিব প্ৰচাৰাভিযান ৷ ইতিমধ্যে শাসক- বিৰোধী সহ নিৰ্দলীয় প্ৰাৰ্থীয়ে পুৱাৰে পৰা উবুৰি খাই পৰিছে প্ৰচাৰাভিযানৰ সমান্তৰালভাৱে উলিওৱা হৈছে নিৰ্বাচনী ৰেলী ৷ জাগীৰোড সমষ্টিতো শাসক – বিৰোধীৰ প্ৰচাৰ তুংগত ৷ মঙলবাৰে প্ৰচাৰাভিযান শেষৰ দিনটোত সমৰ্থক সকলে ৩০০ ট্ৰেক্টৰেৰে পীযুষ হাজৰিকাৰ সমৰ্থনত বৃহৎ নির্বাচনী ৰেলী বাহিৰ কৰে ৷ বিজেপিৰ জাগীৰোডৰ মণ্ডল কৃষক মৰ্চাৰ উদ্যোগত মায়ঙৰ পৰা জাগীৰোড টাউনলৈ ৰেলী বাহিৰ কৰি পীযুষ হাজৰিকাক লক্ষাধিক ভোটতকৈ অধিক ভোটত জয়ী কৰাৰ কথা ব্যক্ত কৰে কৃষক মৰ্চাৰ কৰ্মকৰ্তা সকলে ৷
উল্লেখ্য যে জাগীৰোডৰ বিজেপি প্ৰাৰ্থী পীযুষ হাজৰিকাই তেওঁৰ সমষ্টিৰ প্ৰচাৰৰ দায়িত্ব সমৰ্থকৰ হাতত এৰি ৰাজ্যৰ আন আন স্থানত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ সভাত অংশ লৈ আহিছে।




































